Begin typing your search above and press return to search.

২০১৮ চনত ৰাজ্যত ১,২৪,৪১৩ টা গোচৰ ৰুজু

২০১৮ চনত ৰাজ্যত ১,২৪,৪১৩ টা  গোচৰ ৰুজু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Feb 2019 11:53 AM GMT

২০১৬ চনত ১,০৭,০২২ আৰু ২০১৭ চনত ১,১১,১১৮ টা অপৰাধ গোচৰৰ ৰুজু হোৱাৰ পৰিবৰ্তে ২০১৮ চনত বৃদ্ধি হৈ ১,২৪,৪১৩ টা গোচৰ ৰুজু হৈছে ৰাজ্যত । বিধান সভাত দাখিল কৰা তথ্যৰ ভিত্তিত ৰাজ্যত বিগত বছৰত ১২৭৪ টা হত্যাৰ গোচৰ, ১৯০৯ টা ধৰ্ষণৰ, ৭৬৫১ টা অপহৰণ,১৩৬৯ টা লোটপাট, ১৫৬৬৯ টা চুৰিৰ গোচৰ কৰা হৈছে ২০১৮ ত।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধান সভাত দিয়ে এই তথ্য । চৰকাৰী তথ্য অনুসৰি সমগ্ৰ ৰাজ্যৰ ভিতৰতে গুৱাহাটীত হত্যাৰ আৰু অপহৰণ গোচৰ সৰ্বাধিক । ৯৬ টা হত্যাৰ আৰু ৬৭৭ অপহৰণ গোচৰ কেৱল গুৱাহাটীতে ৰুজু হয় ২০১৮ চনত ।বৰপেটাত সৰ্বাধিক ২৩৪ টা ধৰ্ষণৰ গোচৰ ৰুজু হয়।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি