
প্ৰত্যেক বৰ্ষৰ দৰে ২০১৮ বৰ্ষতো সৰু পৰ্দাত ভূমুকি মাৰিলে বহু কেইটা অনুষ্ঠানে ৷ কিন্তু ইয়াৰ ভিতৰত কিছুমান এনে অনুষ্ঠান আছে যিয়ে দৰ্শকসকলক বহু আমোদ দিলে ৷ আৰু এনে কিছু অনুষ্ঠান আছে যিয়ে দৰ্শকসকলক আমোদ দিয়াত ব্যৰ্থ হয় ৷ গতিকে সেই অনুষ্ঠানসমূহে বিদায় লয় দৰ্শকৰ মাজৰ পৰা ৷ কাৰ্লাছৰ জনপ্ৰিয় ধাৰাবাহিক "নাগিন"ৰ প্ৰসংগ উল্লেখ্যনীয় ৷ কাৰণ "নাগিন-১",নাগিন -২"ৰ জনপ্ৰিয়তাৰ পিছত "নাগিন-৩"য়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় । নাগিন -১ আৰু ২ ত যিদৰে মণি ৰয়ক দৰ্শকে আদৰি লৈছিল ৷ ঠিক সেই দৰে নাগিন-৩ ত অভিনেত্ৰী সুৰভি জ্যোতিকো আদৰি লয় দৰ্শকে ৷ অন্য এটা অনুষ্ঠান "ইণ্ডিয়ান আইডলেও যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হয় এই বৰ্ষতে ৷ ইয়াৰ বিপৰীতে কাৰ্লাছৰ সদ্য সমাপ্ত অনুষ্ঠান "বিগ বছ -১২"ৰ টিআৰপি বাঢ়িলেও দৰ্শকক আমোদ দিয়াত ব্যৰ্থ হয় অনুষ্ঠানটিয়ে ৷"বিগ বছ"ক লৈ দৰ্শকৰ জল্পনা কল্পনা অন্ত পেলাই "বিগ বছ"ত জয়ী হয় অভিনেত্ৰী দীপিকা কক্কৰ ৷ ঠিক তেনেদৰে "দছ কা দম" অনুষ্ঠানটিয়ে টিআৰপি লাভ নকৰাৰ লগতে দৰ্শকসকলক আমোদ দিয়াতো ব্যৰ্থ হয় ।আহক চাওঁ তেনেধৰণৰ কিছু অনুস্থানৰ সম্পৰ্কেঃ
বিগ বছ-১২ য়ে বিগত বৰ্ষৰ দৰে দৰ্শৰসকলক আমোদ দিয়াত ব্যৰ্থ হয়৷বলীউডৰ দাবাং অভিনেতা ছলমান খানে বিগ বছ-১২ হোষ্ট কৰে৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি বিগ বছ-১২ ৰ প্ৰতিযোগী কৰণৱীৰ ৱোহৰা,শ্ৰীশান্ত,দীপিকা কক্কৰ,সুৰভি,ৰ’মিল, দীপক ঠাকুৰ আদি প্ৰতিযোগীসকলে দৰ্শকসকলক আমোদ দিয়াত ব্যৰ্থ হয় ৷ লগতে টিআৰপি ক্ষেত্ৰত বিগ বছ অনুষ্ঠানটোৱে প্ৰায় দুবাৰমানহে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হয় ৷
ইফালে বহু বিৰতিৰ পিছত দৰ্শকৰ মাজলৈ আহে হাস্য মধুৰ অনুষ্ঠান "ফেমিলী টাইম উইথ কপিল শৰ্মা"৷কিন্তু অনুষ্ঠানটোতে দৰ্শকক আমোদ দিয়াত ব্যৰ্থ হয়৷ ৩-৪ চাৰিটা এপিচ’ড প্ৰচাৰিত হোৱাৰ পিছত "ফেমিলী টাইম উইথ কপিল শৰ্মা" বন্ধ হয় ।ইয়াৰ পিছতে কপিল শৰ্মাই নতুন উদ্যমৰে আমাৰ মাজলৈ আহে "দ্য কপিল শৰ্মা শ্ব’অনুষ্ঠানৰ মাজেৰে ৷ এই অনুষ্ঠানটি ২৯ ডিচেম্বৰৰ পৰা আৰম্ভ হয়৷কিন্তু ২৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা "দ্য কপিল শৰ্মা শ্ব’ক কেনেধৰণে দৰ্শকে আঁকোৱালি ল’ব সেয়া হ’ব লক্ষ্যনীয় ৷
অভিনেত্ৰী ক্ৰিষ্টল ডিছুজাৰ ধাৰাবাহিক "বেলন ৱালী বহু"ৱেও দৰ্শকক আমোদ দিবলৈ সক্ষম ন’হল ৷ ধাৰাবাহিকখনে প্ৰথমতে দৰ্শকসকলক আমোদ দিয়ে যদিও পিছত দৰ্শকৰ মন জয় কৰাত ব্যৰ্থ হয়। আৰু ধাৰাবাহিক খন বন্ধ হৈ যায়।
বহু চৰ্চাৰে দৰ্শকৰ মাজলৈ অহা ধাৰাবাহিক "দাস্তান-এ মোহব্বত চেলীম আনৰকলী"য়ে দৰ্শকৰ মন জয় কৰাত ব্যৰ্থ হয়। ছাহীৰ শ্বেখ আৰু চোনাৰিকা ভদোৰিয়াই মুখ্য চৰিত্ৰত অভিনয় কৰা ধাৰাবাহিকখন শেষত বন্ধ হৈ পৰে ।
অধিক খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন