Begin typing your search above and press return to search.

২০১৮ বৰ্ষৰ লাক্স গোল্ডেন এৱাৰ্ডচত বি টাউনৰ চেলীব্ৰেটিৰ সমাহাৰ ৷

২০১৮ বৰ্ষৰ লাক্স গোল্ডেন এৱাৰ্ডচত বি টাউনৰ চেলীব্ৰেটিৰ সমাহাৰ ৷

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Nov 2018 11:12 AM GMT

চলিত বৰ্ষত বলীউডৰ বিগ চেলীব্ৰেটী অনুষ্ঠান "লাক্স গোল্ডন এৱাৰ্ডছ" অনুষ্ঠানটো অনুষ্ঠিত হয় দেওবাৰে ৷ গুৰগাঁওস্থিত NSCI অৰ্থাৎ National Sports Club Of India ত অনুস্থিত হোৱা অনুষ্ঠানটোত দেখা গ’ল বলীউডৰ বহু ন পুৰণি অভিনেতা অভিনেত্ৰীক ৷ বহু প্ৰত্যাশিত লাক্স গোল্ডেন এৱাৰ্ডছত বলীউডৰ বিভিন্ন অভিনেতা অভিনেত্ৰীসকলে নিজৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে ৷

বলীউডৰ বিগ চেলীব্ৰেটীসকলৰ গ্লেমাৰ,ষ্টাইল,চকু চাঁত মাৰি ধৰা সাজ সজ্জাৰ পয়োভৰে দেওবাৰৰ নিশাটো হৈ পৰিছিল বিশেষ ভাৱে লক্ষ্যনীয়৷ চিৰ সেউজ অভিনেত্ৰী ৰেখা আৰু জীনত আমনক দেখা গ’ল এইবাৰৰ লাক্স গোল্ডেন এৱাৰ্ডছ অনুষ্ঠানটোত ৷ৰেখা আৰু জীনত আমানে এগৰাকীয়ে আনগৰাকীক সৌহাৰ্দ্দ পূৰ্ণ আলিংগনেৰে মতবিনিময় কৰা দেখা গ’ল অনুষ্ঠানটোত৷

ইফালে, সোনালী ৰঙৰ কাঞ্জিভৰম শাড়ী পৰিধান কৰি লাক্স গোল্ডেন এৱাৰ্ডছত উপস্থিত হল ড্ৰীম গাৰ্ল হেমা মালিনী ৷ পিছ পৰি নাথাকিল বলীউডৰ Bebo অৰ্থাৎ কৰীণা কাপুৰ খান ৷ডিজাইনাৰ প্ৰবল গুৰুঙ্গৰ ৰঙা আৰু গোলপীয়া মিশ্ৰিত গাউনেৰে কৰীনাক বাৰুকৈয়ে আকৰ্ষণীয় লাগিছিল ৷ ধক ধক গাৰ্ল মাধুৰী দীক্ষিতে ডীজাইনাৰ স্বপ্ৰিল সিন্দেৰ গোলপীয়া ৰঙৰ গাউনত নিজকে ষ্টাইলিছ ৰূপত সজাইছিল ৷

ইফালে ঐশ্বৰ্য্য ৰায় বচ্চনক ডিজাইনাৰ এটেলিয়ৰ জুহৰাৰ ৰঙা ৰঙৰ গাউনত দেখাইছিল অত্যন্ত আকৰ্ষণীয় ৷ অন্যহাতে,লাক্স গোল্ডেন এৱাৰ্ডছত অন্যান্য চেলিব্ৰেটীসকলৰ ভিতৰত আছিল জেকলিন ফনাণ্ডীজ,আলিয়া ভট্ট,জাহ্নৱী কাপুৰ,অংকিতা লোখণ্ডে,শ্বাহৰুখ খান,অৰৱাজ খান,অক্ষয় কুমাৰ,বৰুণ ধাৱন,ঈশান খট্টৰ,কৰণ জোহৰ,কাজল,স্বৰা ভাস্কৰ,তাপসী পন্নুৰ লগতে আন বহুজন ন পুৰণি অভিনেতা অভিনেত্ৰী উপস্থিত আছিল ৷

অন্য খবৰৰ বাবে পঢ়ক

Next Story
চাকৰি