শীৰ্ষ বাতৰি
২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৮৭৭ টা নতুন ভোট কেন্দ্ৰ
২০১৯ চনৰ লোকসভা নিৰ্বাচন সুচাৰুৰূপে অনুস্থিত কৰিবৰ বাবে ভাৰতীয় নিৰ্বাচনী আয়োগে অসমত ভোট কেন্দ্ৰ বৃদ্ধি কৰাৰ বাবে ৰাজ্য নিৰ্বাচনী বিভাগক নিৰ্দেশনা জাৰি কৰিছে।৮৭৭ টা নতুন ভোট কেন্দ্ৰ অসমত স্থাপন কৰা হব বুলি জানিব পৰা গৈছে।প্ৰথমবাৰৰ বাবে দেশত ইভিএমৰ লগত ভটাৰ্চ ভেৰিফিয়েবল পেপাৰ অডিট ট্ৰাইল সকলোৰে বাবে আৱশ্যক কৰিছে।ৰাজ্যত বৰ্তমান ২৭,২৬৭ টা ভোট কেন্দ্ৰ আছে।এটা ভোট কেন্দ্ৰত ১২০০ জনতকৈ বেছি নহবলৈ নিৰ্দেশ নিৰ্বাচনী আয়োগৰ।২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ তথ্য অনুসৰি অসমত মুঠ ২,১২,৪৭,৮৫৪ ভিতৰত ১,০৯,০৫,৯৮৪ জন পুৰুষ হোৱাৰ বিপৰীতে ১,০৯,০৫,৯৮৪ জন মহিলা আৰু ৪৪২ জন তৃতীয় লিংগৰ ভোটাৰ আছে।