২০১৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ ব্যৱহাৰৰ দাবী ১৭ টা বিৰুধী দলৰ

২০১৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ ব্যৱহাৰৰ দাবী ১৭ টা বিৰুধী দলৰ

Published on

আগন্তক ২০১৯ চনৰ লোকসভা নিৰ্বাচনী প্ৰক্ৰিয়া পিভিএম মেচিনৰ বিপৰীতে বেলট পেপাৰ ব্যৱহাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে কংগ্ৰেছকে মুখ্য কৰি দেশৰ ১৭ টা বিৰুধী দলে।ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখপাত্ৰ ৰাজীৱ গৌডাই কয় যে জাতীয় কংগ্ৰেছৰ প্লেনাৰী চেচনত ভাৰতৰ নিৰ্বাচনী প্ৰকিয়াৰ বিষয়ে আলোচনা কৰা হয়,ইভিএম মেচিনৰ বিপৰীতে বেলট পেপাৰ নিৰ্বাচনী প্ৰক্ৰিয়া অধিক বিশ্বাসযোগ্য বুলি বিবেচনা কৰা হৈছে।সংসদত অনুস্থিত দলসমূহৰ এক যুতীয়া সভাত দলসমূহে এই প্ৰস্তাৱটো দেশৰ নিৰ্বাচনী সমিতিক জনোৱাৰ সিদ্ধান্ত গ্ৰহন কৰিছে।তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ' ব্ৰাইনে ৰাজ্যসভাত কৈছে যে ইভিএম এতিয়া আমাৰ সকলোতকৈ ডাঙৰ সমস্যা,আমি নিৰ্বাচনী প্ৰক্ৰিয়াত পিভিএমৰ বিপৰীতে বেলট পেপাৰ ব্যৱহাৰ হোৱাটো বিচাৰিছো।দেশৰ নিৰ্বাচনী সমিতিয়ে কৈছে যে ইভিএম মেচিনত ভিভিপিএটি থকাৰ বাবে বেলট পেপাৰতকৈ ইভিএম মেচিন বেছি নিৰাপদ,ইভিএমত কোনোধৰনৰ বিসংগতি নহয় বুলি সমিতিয়ে জানিবলৈ দিয়ে।বিৰুধী দল সমূহক এই দাবী ভিত্তিহীন বুলি কোৱাৰ লগতে দল সমূহক এনে দাবীৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে।তৃণমূল কংগ্ৰেছ,জাতীয় কংগ্ৰেছ দল,শাসকীয় দলৰ মিত্ৰ দল শিৱসেনা,তেলেগু দেচাম পাৰ্টী আৰু ৱাইএচআৰ কংগ্ৰেছে বেলট পেপাৰ সমৰ্থন কৰাৰ বিপৰীতে বিৰুধী দলৰ ভিতৰত এআইএডিএমকে,তেলেংগানা ৰাষ্ট্ৰীয় সমিতি আৰু বিজু জনতা দলে এতিয়ালৈ কোনোধৰনৰ সমৰ্থন আগবঢ়োৱা নাই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com