২০১৯ ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে উমা ভাৰতীয়ে

কেন্দীয় মন্ত্ৰী উমা ভাৰতীয়ে মংগলবাৰে ঘোষণা কৰে যে ২০১৯ ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে৷ সাংবাদিকৰে সৈতে হোৱা এক সাক্ষাৎকাৰত মধ্যপ্ৰদেশৰ প্ৰাক্তন নেত্ৰীগৰাকীয়ে ৰাজনীতিৰ পৰা সন্যাস লোৱাৰ কথা উল্লেখ কৰে ৷লগতে নেত্ৰীগৰাকীয়ে কয় মোৰ মৃত্যু পৰ্যন্ত ৰাজনীতি কৰিম ৷
কিন্তু সম্প্ৰতি প্ৰায় ডেৰ বছৰ ৰাম মন্দিৰ আৰু গংগাৰ কাৰণে কাম কৰিব বিচাৰোঁ ৷ ইয়াৰ কাৰণে নেত্ৰী উমা ভাৰতীয়ে দলৰ পৰা অনুমতি বিচাৰি ১৫ জানুুৱাৰীৰ পৰা গংগা প্ৰবাস আৰম্ভ কৰিব ৷ উল্লেখ্য যে,উমা ভাৰতীয়ে ৰাম মন্দিৰ আৰু গংগা নদীৰ পৰিষ্কাৰ বিষয়ত মনোনিবেশ কৰিবলৈ তেওঁ ৰাজনীতিৰ পৰা সন্যাস ল’ব ।
এই সন্দৰ্ভত উমা ভাৰতীয়ে বিজেপি ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহকো অৱগত কৰিব ৷ আৰু প্ৰায় ডেৰ বছৰ গংগা যাত্ৰা কৰিব ৷ ইফালে ৰাম মন্দিৰ সম্পৰ্কত উমা ভাৰতীয়ে কয় যে ৰাম মন্দিৰৰ কাৰণে কোনো আন্দোলনৰ প্ৰয়োজন নাই ৷ ন্যায়ালয়ৰ অনুসৰি ৰাম মন্দিৰ বিবাদ আস্থা সম্পৰ্কীয় নহয়৷মাটিৰ বিবাদহে৷গতিকে এই বিবাদৰ সন্দৰ্ভত সকলো দল একত্ৰিত হ’ব লাগে ৷
লগতে ৰাম মন্দিৰৰ বিবাদ দেশৰ শৌৰ্য্য-বীৰ্য্যৰ লগত জড়িত, গতিকে অতি শীঘ্ৰেই সিদ্ধান্তত উপনীত হোৱাৰ কথাও উল্লেখ কৰে উমা ভাৰতীয়ে ৷
অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি