২০১৯ ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ১৭ খন ৰাজ্যত ইনচাৰ্জ নিযুক্তি

সমাগত লোকসভা নিৰ্বাচন ৷ গতিকে ককালত টঙালী বান্ধিছে চলিত চৰকাৰখনে ৷ বুধবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ১৭ খন ৰাজ্যত বিভিন্ন নেতাক ইনচাৰ্জ হিচাপে নিযুক্তি দিয়ে৷ ইয়াৰ ভিতৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে উত্তৰ প্ৰদেশৰ দায়িত্ব অৰ্পণ কৰিছে গোবৰ্ধন ঝাড়াপিয়াক, বিজেপিৰ উপ সভাপতি দুষ্মন্ত গৌতম আৰু নৰোত্তম মিশ্ৰক। অসমৰ ইনচাৰ্জ হিচাপে নিযুক্তি দিছে মহেন্দ্ৰ সিঙক ৷অমিত শ্বাহে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰক ৰাজস্থান আৰু থাৱৰ চান্দ গেহলটক উত্তৰাখণ্ডৰ ইনচাৰ্জ হিচাপে নিযুক্তি দিছে ৷
বিজেপিৰ প্ৰধান সম্পাদক ভূপেন্দ্ৰ যাদৱক বিহাৰ আৰু অনিল জৈনক ছত্তিছগড়ৰ দায়িত্ব দিয়া হৈছে। গুজৰাটৰ দায়িত্ব অৰ্পণ কৰা হৈছে অ’পি মাথুৰক । অন্যহাতে,বিগত ২০১৪ চনত সেইসময়ৰ বিজেপিৰ সভাপতি ৰাজনাথ সিঙে উত্তৰ প্ৰদেশৰ ইনচাৰ্জ হিচাপে অমিত শ্বাহক নিযুক্তি দিছিল ৷ সেইসময়ত উত্তৰ প্ৰদেশত বিজেপিয়ে ৮০ খন আসনৰ ভিতৰত ৭১ খন আসন লাভ কৰিছিল। উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ দায়িত্ব অৰ্পণ কৰা গুজৰাটৰ শক্তিশালী নেতা গোবৰ্ধন ঝাড়াপিয়া এটা সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সমালোচক আছিল ৷
২০০২ চনত গোবৰ্ধন ঝাড়াপিয়া গুজৰাটৰ গৃহ মন্ত্ৰী আছিল ৷ইয়াৰ পিছত সেই সময়ত গুজৰাটত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগত,সেই সময়ৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঝাড়াপিয়াক গৃহ মন্ত্ৰী পদৰ পৰা অব্যাহতি দিয়ে। ২০০৭ চনত তেওঁ বিজেপিৰ পৰা অব্যাহতি লৈ নিজৰ দল গঠন কৰে ৷ লগতে বিজেপিৰ বিৰুদ্ধেও নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল গোৱৰ্ধন ঝাড়াপিয়া ৷ কিন্তু ২০১৪ চনত ঝাড়াপিয়াই আকৌ বিজেপিত যোগদান কৰে। আন এজন নেতা তথা মন্ত্ৰী নৰোত্তম মিশ্ৰাক ৮০ খন লোকসভা আসন থকা উত্তৰ প্ৰদেশৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৷
লগতে উত্তৰ প্ৰদেশৰ দৰে সৰ্ববৃহৎ ৰাজ্য এখনৰ দায়িত্ব নৰোত্তম মিশ্ৰাক অৰ্পন কৰাটো উল্লেখযোগ্য ৷ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ কাৰণেই এই দায়িত্ব অৰ্পণ কৰা হৈছে বুলি ৰাজনৈতিক সমালোচক সকলে মন্তব্য কৰিছে ৷নৰোত্তম মিশ্ৰাই ৰাজনৈতিক জীৱন ১৯৭৭-৭৮ চনৰ ছাত্ৰৰ অৱস্থাৰ পৰাই আৰম্ভ কৰে ৷ অন্যহাতে মহেন্দ্ৰ সিঙক অসমৰ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰভাৰী হিচাপে নিযুক্তি দিছে ৷ উত্তৰ প্ৰদেশ চৰকাৰৰ গুৰুত্ব পূৰ্ণ মন্ত্ৰী পদত থকা ড° মহেন্দ্ৰ সিং ২০১৬ চনত অসমৰ তত্তৱধায়কৰ দায়িত্বত আছিল ৷ সেই সময়ত বিজেপিয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল ৷
ইফালে ড° মহেন্দ্ৰ সিঙক বিজেপিৰ নিৰ্বাচিত প্ৰভাৰী নিযুক্তি দিয়াত সন্তুষ্টি লাভ কৰিছে সকলোৱে ৷ ইফালে, ৰাজস্থানৰ ইনচাৰ্জ হিচাপে নিযুক্তি দিছে প্ৰকাশ জাভেদকাৰক ৷ ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা ভাৰত চৰকাৰৰ মানৱ সংশোধন বিকাশ মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেকাৰ ৷উল্লেখ্য যে,বিগত পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ পিছতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ কাৰণে সাজু হৈছে অন্যান্য দলৰ লগতে বিজেপি চৰকাৰ ৷ ইয়াৰোপৰি হিমাচল প্ৰদেশত তীৰ্থ সিং ৰাৱট,ঝাৰখণ্ডত মংগল পাণ্ডেয়, মধ্যপ্ৰদেশত সতীশ উপাধ্যায়, মণিপুৰত নলীন কোহলী, উৰিষ্যাত অৰুণ সিং, চিকিমত নিতিন নবীন, তেলেংগনাত অৰবিন্দ লিম্বাবলী,উত্তৰাখণ্ডত থাৱাৰ চান্দ গেহলটক দায়িত্ব দিছে প্ৰভাৰী হিচাপে।
অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি