Begin typing your search above and press return to search.

২০৩০ চনত ভাৰতে বিশ্বৰ তিনিখন সৰ্ব শক্তিশালী দেশৰ ভিতৰত এখন হবলৈ সক্ষম হব: ৰাজনাথ সিঙ

২০৩০ চনত ভাৰতে বিশ্বৰ তিনিখন সৰ্ব শক্তিশালী দেশৰ ভিতৰত এখন হবলৈ সক্ষম হব: ৰাজনাথ সিঙ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 April 2019 12:01 PM GMT

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰে যে ২০৩০ চনত বিশ্বৰ তিনি খন সৰ্ব শক্তিশালী দেশৰ ভিতৰত ভাৰতে এখনৰ স্থান দখল কৰিবলৈ সক্ষম হব বুলি প্ৰকাশ কৰে । ৰাছিয়া, চীন আৰু আমেৰিকাৰ ভিতৰত যিকোনো এখন দেশৰ স্থান দখল কৰিব ।

ঝাৰখণ্ডৰ চাত্ৰাত এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি ৰাজনাথ সিঙে এই মন্তব্য কৰে । লগতে কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ খনৰ অধিনত দেশৰ যথেষ্ট অৰ্থনৈতিক উন্নতি হৈছে ।

ৰাজনাথ সিঙে লগতে কয় যে ২০১৪ চনত অৰ্থনৈতিক দিশত আমি ১০ খন দেশৰ ভিতৰত ৯ নম্বৰ স্হানত আছিলো । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ ৪ বছৰ শাসনৰ পাছত ২০১৮ চনত ভাৰতে ষষ্ঠ স্হানত উপনীত হবলৈ সক্ষম হয় বুলি প্ৰকাশ কৰে ৰাজনাথ সিঙে ।

লগতে তেওঁ কয় যে কেইমাহমানৰ ভিতৰতে ভাৰতে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হব বুলি নিশ্চিত । প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ কল্যাণৰ কাৰনে যথেষ্ট কাম কৰিছে বুলি প্ৰকাশ কৰে।

লগতে ৰাজনাথ সিঙে কয় যে " ৰাজীৱ গান্ধীয়ে অসহায় ভাৱে প্ৰকাশ কৰিছিল যে ১০০ পইচা দিলে, সাধাৰণ লোকে মাত্ৰ ১৬ পইচাহে লাভ কৰিছিল । কিন্তু মোদীয়ে এই সমস্যাৰ সমাধান কৰি এতিয়া যদি ১০০ পইচা দিয়া হয় সমুদায় ধন সাধাৰণ লোকে লাভ কৰে বুলি প্ৰকাশ কৰে।

দেশৰ ১২৬ জিলাত নক্সাল উগ্ৰপন্থী সংগঠন আছিল কিন্তু বৰ্তমান দেশৰ ৭ ৰ পৰা ৮ খন জিলাহে বিয়পি আছে বুলি প্ৰকাশ কৰে । ৩ , ৪ বছৰৰ পাছত সমুলঞ্চে নাইকিয়া হব বুলিও প্ৰকাশ কৰে।

ঝাৰখণ্ডত ২৯ এপ্ৰিল, ৬ মে , ১২ মে আৰু ১৯ মেত চাৰিটা পৰ্যায়ত অনুষ্ঠিত হব । ২৩ মেত ফলাফল ঘোষণা কৰা হব ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি