Begin typing your search above and press return to search.

২০ খন বিধানসভা ক্ষেত্ৰত নিম্ন সংখ্যক ভোটগ্ৰহণ

২০ খন বিধানসভা ক্ষেত্ৰত নিম্ন সংখ্যক ভোটগ্ৰহণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 April 2019 8:39 AM GMT

বিগত নিৰ্বাচনৰ সন্দৰ্ভত ভাৰতীয় নিৰ্বাচন আয়োগৰ এক বিশেষ তথ্য যে তিনিটা পৰ্যায়ত হোৱা নিৰ্বাচনত ৮১.৫২ ভোটদান হয় ৷ কিন্তু প্ৰায় সংখ্যক স্বদেশী জনতা থকা উজনি অসমত ভোটদাতা সকলৰ ভোটদান নাছিল সন্তোষজনক ।অন্যহাতে, নামনি অসমত বিগত নিৰ্বাচনসমূহৰ দৰেই ভোটগ্ৰহণ আছিল সন্তোষজনক ৷ চলিত বৰ্ষৰ ১১,১৮ আৰু ২৩ এপ্ৰিলত হোৱা ভোটগ্ৰহণত ভোটদাতাৰ সংখ্যা আছিল ২,১৯,৯১,১১২ জন ৷

অসমৰ ১৪ খন আসনৰ ভিতৰত লক্ষীমপুৰত ৭৫.০৫ শতাংশৰে আটাইতকৈ সীমিত সংখ্যক ভোটদান হয়। ইয়াৰ পিছত ডিব্ৰুগড়ত ৭৭.২৬,স্বায়ত্ত্ব শাসিত জিলা ডিফুত (৭৭.৪৭ শতাংশ আৰু যোৰহাটত ৭৭.৪৯ শতাংশ ভোটদান হয়। অৱশ্যে ধুবুৰীত ভোটদান হয় ৯০.৬৬ শতাংশ ৷ ধুবুৰীৰ তিনিখন নিৰ্বাচন ক্ষেত্ৰত এইবাৰ ভোটদাতাৰ সংখ্যা বৃদ্ধি হয় । ইয়াৰে জালেশ্বৰত হয় ৯৩.৮৬ শতাংশ, দক্ষিন শালমৰাত হয় ৯২.৩৭ শতাংশ, গোলকগঞ্জত ভোটদান হয় ৯১.৭৩ শতাংশ ৷

লক্ষীমপুৰ সমষ্টিৰ অন্তৰ্গত ক্ষেত্ৰত ৮০ শতাংশতকৈ সীমিত সংখ্যক ভোটদান হয়৷ ইয়াৰে ধেমাজীত ৭০.১৬ শতাংশ,শদিয়া ৭১.৪৯,মাজুলী ৭১.৯৬,ঢকুৱাখানত ৭২.০৪,লক্ষীমপুৰত ৭৪.৪৮,আৰু জোনাইত ৭৫.৮০ শতাংশ ভোটদান হয়। ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত পাঁচটা লোকসভা সমষ্টিত ৮০ শতাংশতকৈ সীমিত পৰিমাণে ভোটদান হয়। ইয়াৰে নাহৰকটিয়াত ৭৫.৮২ শতাংশ, তিনিচুকীয়াত ৭৫.৯৫,দুলীয়াজানত ৭৬.১৭,মৰানত ৭৬.৩০ আৰু ডিব্ৰুগড়ত ৭৬.৮১ শতাংশ ভোটদান হয়।

কলিয়াবৰ সমষ্টিটো চাৰিখন ক্ষেত্ৰত নিৰ্বাচন ৮০ শতাংশতকৈ সীমিত হয়। ইয়াৰে দেৰগাঁওত ৭৩.৫৩ শতাংশ, গোলাঘাটত ৭৬.৩৬,খুমটাইত ৭৬.৯১ শতাংশ,সৰু পথাৰত ৭৬.৯৩ শতাংশ ভোটদান হয়। অন্যহাতে তেজপুৰ সংসদীয় ক্ষেত্ৰৰ অন্তৰ্গত বিহপুৰীয়াত ৭৪ শতাংশ,পূব গুৱাহাটীত ৭২.৯৩ শতাংশ স্বায়ত্ব শাসিত জিলা ডিফুত ৭৪.৭৭ শতাংশৰে, ভোটদাতাসকলৰ ভোটদান অত্যন্ত সীমিত৷

এই ক্ষেত্ৰত এই সমষ্টিসমূহত স্বদেশী লোকৰ বসবাসৰ স্বত্ত্বেও ভোটদানৰ সংখ্য কিয় সীমিত সেয়া নিশ্চয় মনকৰিব লগীয়া কথা ৷ ইফালে নিৰ্বাচন আয়োগেও নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত নিৰ্বাচন সম্বন্ধীয় বিভিন্ন প্ৰচাৰ চলাই ৷ চলিত বৰ্ষৰ পৰা ভোটদাতাসকলৰ সকলো ফালৰ পৰা অৰ্থাৎ নিৰ্বাচন সন্দৰ্ভত সজাগ কৰিবৰ কাৰণে এই সিদ্ধান্ত লৈছে নিৰ্বাচন আয়োগে ৷

২০১৪ চনৰ নিৰ্বাচনত সমগ্ৰ ৰাজ্যত ভোটদানৰ সংখ্যা আছিল ৮০.২১ শতাংশ ৷ সেই সময়ত ৰাজ্যত ভোটদাতাৰ সংখ্যা আছিল ১,৮৮,০৪,৪২১ ৷ ২০০৯ নিৰ্বাচনত ভোটদানৰ সংখ্যা হয় ৬৯.৫৮ শতাংশ ৷ ভোটদাতা আছিল ১,৭৪,৪৩,৬১৭ জন। উল্লেখযোগ্য যে,২০১৬ চনৰ নিৰ্বাচনত ভোটদানৰ সংখ্যা আছিল ৮৪.৭২ ৷ আৰু ভোটাৰ আছিল প্ৰায় ১,৯৯,৪৭,৬৯০ জন ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি