২০ জুনৰ পুৰ্বে পুৰনি শৰাইঘাট দলং মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

২০ জুনৰ পুৰ্বে পুৰনি শৰাইঘাট দলং মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
Published on

সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰেলৱে কতৃপক্ষক পুৰনি শৰাইঘাট দলং খন ৩০ জুনৰ পৰিবৰ্তে ২০ জুনৰ ভিতৰত মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে । ব্ৰহ্মপুত্ৰৰ ওপৰত থকা শৰাইঘাট দলংখনৰ কাম কাজৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সোমবাৰে দলংখনত উপস্থিত হয় । মেৰামতিৰ বুজ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কাম সমূহ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে কৰ্মীৰ সংখ্যা বৃদ্ধি কৰিবলৈ কোৱা হৈছে ।

পূৰ্বৰে পৰা চলি কামৰ সময় বৃদ্ধি কৰি অধিক কৰ্মী নিয়োজিত কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। লগতে ১৫ মেৰ ভিতৰত প্ৰায় খিনি কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে সৰ্বানন্দ সোনোৱালে ।

এন এফ আৰ জেনেৰেল মেনেজাৰ সঞ্জীৱ ৰয়ে মুখ্যমন্ত্ৰীক জনাই যে ১৯৬৩ চনত দলং খন মুকলি কৰাৰ পিছত এইবাৰে ভালকৈ মেৰামতি কৰা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বান্ধি দিয়া সময় সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব বুলি প্ৰকাশ কৰে। ৰেলৱে বিষয়ায়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক কামৰ সবিশেষ জনাই ।

শৰাইঘাট দলং খনে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ প্ৰান্তৰ যোগাযোগ স্থাপন কৰে । শৰাইঘাট দলং খনৰ মেৰামতিৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেষ গোস্বামীয়ে মুখ্যমন্ত্ৰীক সংগ দিয়ে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com