Begin typing your search above and press return to search.

২১ ডিচেম্বৰ দিনটোৰ আৰম্ভনি কৰক: আজিৰ দিনটোৰ ইতিহাসেৰে

২১ ডিচেম্বৰ দিনটোৰ আৰম্ভনি কৰক: আজিৰ দিনটোৰ ইতিহাসেৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Dec 2018 5:37 AM GMT

প্ৰত্যেক দিনৰ দৰে ২১ ডিচেম্বৰ দিনটোৰো আছে এক বিশেষ তাৎপৰ্য ৷ কাৰণ এই ২১ ডিচেম্বৰ দিনটোতে ইতিহাসত কিছু ঘটনা ঘটিছিল,যিসমূহ ইতিহাসৰ পৃষ্ঠাত আজিও লিখিত ৰূপত খোদিত হৈ আছে। আহক জানো ২১ ডিচেম্বৰত সংঘটিত হোৱা কিছুমান মহত্ত্বপূৰ্ণ ঘটনা ৷

প্ৰথমে চাওঁ আহক আজিৰ দিনটোত জন্ম গ্ৰহণ কৰা মহান ব্যক্তিসকলৰ তালিকা:

১৫৫০ চনৰ আজিৰ দিনটোতে বাদশ্বাহ আকবৰৰ মুখ্য ৰাজপুত চৰদাৰ মান সিঙৰ জন্ম হৈছিল ।

ছত্তীছগড়ত জন জাগৰণ কঢ়িয়াই অনা,বিভিন্ন সামাজিক কৰ্মত অগ্ৰদূতৰ ভূমিকা লোৱা সুন্দৰলাল শৰ্মাৰ জন্ম হৈছিল ১৮৮১ চনৰ আজিৰ দিনটোতে৷

১৮৯১ চনৰ আজিৰ দিনটোতে ছত্তীছগড়ৰ শ্ৰমিক আন্দোলনৰ সুত্ৰধাৰ তথা সহকাৰিতা আন্দোলনৰ প্ৰণেতা ঠাকুৰ প্যাৰেলাল সিঙৰ জন্ম হৈছিল ।

১৯১৮ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাষ্ট্ৰ সংঘৰ চতুৰ্থ মহাসচিব কুৰ্ত বাল্ডহাইমৰ জন্ম হৈছিল ৷

১৯৩২ চনৰ আজিৰ দিনটোতে কন্নড় ভাষাৰ প্ৰসিদ্ধ ৰচনাত্মক য়ু আৰ অনন্ত মূৰ্তিৰ জন্ম হৈছিল।

১৯৭৪ চনৰ আজিৰ দিনটোতে ২০১৫ চনত "ৰেমন মেগছেছ পুৰস্কাৰেৰে" সন্মানিত সঞ্জীৱ চতুৰ্বেদীৰ জন্ম হৈছিল।

এইবাৰ চাওঁ আহক ২১ ডিচেম্বৰ দিনটোত কেনেধৰণৰ ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে ।

১৭৮৪ চনৰ আজিৰ দিনটোতে জাঁন জে আমেৰিকাৰ প্ৰথম বিদেশ মন্ত্ৰী হিচাপে অধিস্থিত হৈছিল।

১৮৯৮ চনৰ আজিৰ দিনটোতে ৰয়াসন বিজ্ঞানী পিয়ৰে আৰু মেৰী ক্যুৰীয়ে ৰেডিয়ামৰ আৱিস্কাৰ কৰিছিল।

১৯১৪ চনৰ আজিৰ দিনটোতে প্ৰথম মুক হাস্য ছবি "তিল্লীস পছৰ্ড ৰোমান্সে" মুক্তি লাভ কৰিছিল ৷

১৯২১ চনৰ আজিৰ দিনটোতে আমেৰিকা উচ্চতম ন্যায়ালয়ে ধৰ্ণা কৰা আৰু সেই ধৰ্ণা কৰ্মত প্ৰভাৱ পেলোৱাক অসাংবিধানিক বুলি ঘোষণা কৰিছিল ৷

ৰঙীন চিত্ৰ তথা কথন শৈলীৰে প্ৰথম কাৰ্টুন ছবি "ডিজনীছ স্নো হুৱাইট"ৰ প্ৰদৰ্শন ১৯৩৭ চনৰ আজিৰ দিনটোতে কৰিছিল ।

১৯৫২ চনৰ আজিৰ দিনটোতে চেফুদ্দীন কিচলুয়ে তৎকালীন চোবিয়ত সংঘৰ লেনিন শান্তি পুৰস্কাৰ লাভ কৰিছিল ৷ উল্লেখ্য যে, লেনিন শান্তি পুৰস্কাৰ লাভ কৰা চেফুদ্দিন কিচলু প্ৰথম ভাৰতীয় ৷

১৯৭১ চনৰ আজিৰ দিনটোতে কৰ্ট বাল্ডহাইম সংযুক্ত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদৰ চতুৰ্থ মহাসচিব হয় ৷

১৯৭৫ চনৰ আজিৰ দিনটোতে মাদাগাস্কাৰত প্ৰথম সংবিধান গৃহীত হৈছিল৷

১৯৯৮ চনৰ আজিৰ দিনটোতে গিৰিজা প্ৰসাদ কোইৰালাই নেপালৰ প্ৰধানমন্ত্ৰী পদৰ পৰা ইস্তীফা দিয়ে ৷

২০০৮ চনৰ আজিৰ দিনটোতে কংগ্ৰেছ অধ্যক্ষা ছোনীয়া গান্ধী আৰু বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে আমেৰিকাৰ এখন পত্ৰিকা "নিউজ উইক"ত পৃথিৱীৰ ৫০জন শক্তিশালী লোকৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হয় ৷

২০১২ চনৰ আজিৰ দিনটোতে "গংগনম ষ্টাইল" ডান্স ফৰ্ম ১ আৰব বাৰ অনুৰাগীয়ে দেখা প্ৰথম ইউটিউব ভিডিঅ’ হিচাপে স্বীকৃতি পায় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি