Begin typing your search above and press return to search.

২২বছৰীয়া যুৱতী সিতলৰ বিশ্ব ৰেকৰ্ড

২২বছৰীয়া যুৱতী সিতলৰ বিশ্ব ৰেকৰ্ড

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Sep 2018 9:40 AM GMT

বৰ্তমান সময়তো আমি বাতৰি কাকত,টিভি আদিত ছোৱালীৰ ধৰ্ষন,ছোৱালী ভ্ৰুন হত্যা আদি কাৰ্য্য দেখা পাও শুনা পাও যদিও আনহাতে এই দেশৰ ছোৱালী সকলে আজি সকলো দিশত আগবাঢ়িবলৈও সক্ষম হৈছে।বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে দেশৰ বহু ছোৱালী-মহিলাই নিজৰ নাম উজলাবলৈ সক্ষম হৈছে। ঠিক এইধৰনৰ উদাৰন দিব পৰা ২২বছৰীয়া এগৰাকী নাৰী তথা ছোৱালী হৈছে সিতল ৰাজ।যিগৰাকী ছোৱালীয়ে পৃথিৱীৰ তৃতীয় বৃহৎ পৰ্বত কাঞ্চনজংঘা বগাই এক বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে।

সিতলৰ যাত্ৰা

সিতলৰ জন্ম হৈছে উত্তৰাখণ্ডৰ এখন সৰু চহৰ পিথৰাগড়ত।সিতলৰ পিতৃ এগৰাকী টেক্সী চালক আৰু মাতৃ হৈছে গৃহিনী।

সিতলে ২০১৪চনত এনচিচিয়ে আয়োজন কৰা পৰ্বত বগোৱা অভিযানত প্ৰথম বাৰৰ বাবে অংশ-গ্ৰহন কৰিছিল।পিছলৈ সিতলে ২০১৫চনত পৰ্বত আৰোহনৰ প্ৰশিক্ষণৰ বাবে দাৰ্জিলিং হিমালয় মাউণ্টেইনিং ইনষ্টিটিউতৰ পৰা প্ৰাথমিক জ্ঞান আহৰন কৰে।

শেষত,এপ্ৰিল মাহত নেপালৰ কাঞ্চনজংঘা আৰোহন কৰি বিশ্ব ৰেকৰ্ড কৰে সিতলে।বহু খিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈও সিতলৰ দলটোৱে কাঞ্চনজংঘাৰ দিশে আগুৱাই যায় আৰু ২১ মে'ৰ দিনা খন ৩বাজি ৩০মিনিটত উক্ত স্থান গৈ পায় সফলতা অৰ্জন কৰে।

আটাইতকৈ কম বয়সীয়া এগৰাকী ছোৱালীয়ে এই সফলতা অৰ্জন কৰাৰ বাবে সিতললৈ অশেষ শুভকামনা।

Next Story
চাকৰি