বৰ্তমান সময়ত দেশৰ স্বাস্থ্য বিভাগৰ বহু উন্নতি হোৱা বুলি কলেও কিন্তু কোনো কোনো অঞ্চলত এই কথা অসত্য প্ৰমাণিত হৈছে। ১৯৯৩ চনতেই প্ৰতিস্থাপন কৰা কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ ২৪ নং দেওঁপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত খাকৰাজান চিকিৎসালয় মাত্ৰ চাৰিসীমাৰ পকী বেৰ নিৰ্মাণ কৰিয়েই ৰহস্য জনক ভাৱে ২৫ বছৰে কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ তথা স্বাস্থ্য বিভাগ। চাৰিসীমাৰ পকী বেৰ ও এতিয়া জহি খহি যাবলৈ আৰম্ভ কৰিছে । চিকিৎসালয় খন নিৰ্মাণ নোহোৱা বাবেই মূৰ্মুহ ৰোগীক নিব লগা হয় প্ৰায় ৪০ কিঃমিঃ নিলগৰ গোলাঘাট অথবা বোকাজান চিকিৎসালয়লৈ ।আকস্মিক দুৰ্ঘটনাত পতিত বা জটিল ৰোগত আক্ৰান্ত বহু ৰোগীয়ে আদ বাটতে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে । জন প্ৰতিনিধিৰ আশ্বাস যেন এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। বৃহত্তৰ বৰপথাৰ বাসীৰ চৰকাৰক কৰা অনুনয় বিনয় অৰন্য ৰোদনত পৰিনত হৈছে। অনতিপলমে হস্পিতাল খন নিৰ্মাণ কৰি বৃহত্তৰ অঞ্চল বাসীক স্বাস্থ্য সেৱাৰ দিশত নিৰাপত্তা প্ৰদান কৰিবলৈ অঞ্চল বাসী জনসাধাৰণে চৰকাৰক আহ্বান জনাইছে ।
২৫টা বছৰেও সম্পূৰ্ণ হৈ নুঠিল খাকৰাজান ৩০খন বিচনাযুক্ত চিকিৎসালয়

Next Story