Begin typing your search above and press return to search.

২৫ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হব এনআৰচিৰ দাবী উত্থাপন প্ৰক্ৰিয়া : উচ্চতম ন্যায়ালয়

২৫ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হব এনআৰচিৰ দাবী উত্থাপন প্ৰক্ৰিয়া : উচ্চতম ন্যায়ালয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Sep 2018 8:21 AM GMT

দেশৰ উচ্চতম ন্যায়ালয়ে ৰাজ্যিক এনআৰচি কৰ্তৃপক্ষক ২৫ ছেপ্তেম্বৰৰ পৰা এনআৰচিৰ দাবী আৰু আবেদন জনোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ কৰিছে।এনআৰচিৰ ৰাজ্যিক সমন্নয়ক প্ৰতীক হাজেলাক এই প্ৰক্ৰিয়া ৬০ দিনৰ বাবে ৰাখিবলৈ নিৰ্দেশ দিছে।ন্যায়াধীষ ৰঞ্জন গগৈ আৰু ন্যায়াধীষ ৰহিনটন ফালি নাৰিমানেৰে গঠিত বেঞ্চে কয় যে যিকোনো বৈধ নথি-পত্ৰই দাবী উত্থাপন কৰা সময়ত গ্ৰহণ কৰা হব আৰু পাঁচ খনকৈ দৰকাৰী নথি-পত্ৰ পৰীক্ষা কৰা হব । এন আৰ চিৰ চূড়ান্ত খচৰাত যিসকলৰ নাম অহা নাই তেওঁলোকে পুনৰ আৱেদন আৰু দাবী জনোৱাৰ সুযোগ লাভ কৰিব।যিসকলে সঠিক প্ৰমান পত্ৰ দিব পাৰিব তেওঁলোকৰ নাম এনআৰচিত অন্তৰ্ভূক্ত হব।৩ কোটি ২৯ লাখ লোকৰ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জনৰ নাম বাদ পৰিছিল। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ১৯৮৫ বৰ্ষত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ কাৰ্যকালত অসম চুক্তিৰ আধাৰত এনআৰচিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল আৰু ২০০৫ বৰ্ষত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কাৰ্যকালৰ সময়ত এনআৰচি উন্নীতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

Next Story
চাকৰি