২৫ বছৰত ভৰি দিলে পৱন কুমাৰ চামলিং চৰকাৰে

২৫ বছৰত ভৰি দিলে  পৱন কুমাৰ চামলিং চৰকাৰে
Published on

ছিকিমৰ পৱন কুমাৰ চামলিং চৰকাৰে আজি ভৰি দিলে ২৫ বছৰত ৷ ১৯৯৪ চনৰ ১২ ডিচেম্বৰত শাসনলৈ আহিছিল ছিকিম ডেম’ক্ৰেটিক ফ্ৰন্ট চৰকাৰ ৷একেৰাহে পাঁচটাকৈ কাৰ্যকাল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত হৈ আছে পৱন কুমাৰ চামলিং ৷ উল্লেখ্য যে,আজিৰ দিনটো SDF চৰকাৰে পালন কৰিব "জনতাৰাজ" স্থাপনা দিৱস হিচাপে ৷ অন্যহাতে ছিকিম ডেম’ক্ৰেটিক ফ্ৰন্ট হৈছে ছিকিমৰ এটা ৰাজনৈতিক দল৷

১৯৯৩ চনৰ ৪ মাৰ্চত পৱন কুমাৰ চামলিংগে এই দলটোৰ স্থাপন কৰিছিল ৷ ১৯৯৪ চনৰ পিছৰে পৰা এই দলটোৱে ছিকিমত নিজৰ অস্তিত্ব প্ৰদৰ্শন কৰি আহিছে। ইয়াৰ পিছত ১৯৯৯ আৰু ২০০৪ চনৰ বিধানসভা নিৰ্বাচনত দলটোৱে লাভ কৰা বিশেষ সফলতাৰ পিছত ছিকিমত আগতকৈ আৰু অধিক দৃঢ়তাৰে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয় ।ইফালে,২০০৯ চনৰ নিৰ্বাচনত এছ ডী এফ অৰ্থাৎ ছিকিম ডেম’ক্ৰেটিক ফ’ন্টয়ে ৰাজ্যখনৰ ৩২ খন আসনত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয় ৷

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com