২৬বছৰীয়া উদ্যমী যুৱক-যুৱতী সকলৰ নতুন চিন্তাৰে ৰক্ষা কৰিছে হাজাৰ লোকৰ জীৱন

সাধাৰনতে,মানব জীৱনৰ মাজৰ সময় অৰ্থাৎ মাজ বয়সৰ পৰাই জীৱনৰ প্ৰকৃত দিশটো বুজাৰ ক্ষমতা আহি যায় । এই সময় খিনিতে যুৱক-যুৱতী সকলে নিজ বুদ্ধি আৰু শক্তিৰে কিবা এটা কৰি দেখুওৱাবৰ বাবে আগ্ৰহ প্ৰকাশ কৰে । কিছুমান এনে ব্যক্তি আছে যিয়ে নিজৰ প্ৰতিভা আৰু কষ্টৰ বলত আগবাঢ়ি যাবলৈ সক্ষম হয়,তেনে লোকৰ কথা সকলোৰে মুখে মুখে চৰ্চিত হয় ।
২৬ বছৰীয়া কুনাল শ্বৰাফ এনে এজন উদ্যমী যুৱক যিগৰাকীয়ে অতি কম বয়সতে উদ্যমী হ'বলৈ সপোন দেখিছিল । আজিৰ সময়ত এইজন যুৱকক হাজাৰ লোজৰ জীৱন ৰক্ষা কৰাৰ শ্ৰেয় এইবাবে দিয়া হৈছে যে,তেওঁ নিজৰ চিন্তাৰ ওপৰত ভৰষা কৰি কামটো কৰাৰ মানসৰে আগবাঢ়িছিল । কুনাল 'দ্যা চেভিয়ৰ' নামৰ বেচৰকাৰী সংস্থা এটিৰ সংস্থাপক হয়,যিয়ে তেজ দানৰ এটি নেটৱৰ্ক গঠন কৰিলে আৰু বহু মানৱ পৰিযোজনাৰ ওপৰত কাম কৰি আছে ।
জানিব পৰা অনুসৰি,কুনালে কলেজৰ পঢ়া শেষ কৰি নিজ ঘৰ কলকতালৈ উভতি আহিলে আৰু সেই সময়তে কুনালৰ ককাক চিকিৎসালয়ত ভৰ্ত্তি কৰিবলগা হয় আৰু তেজৰ আৱশ্যক হয় । তেজ ক্ৰয় কৰিবলৈ বহু ঠাইত ঘূৰিব লগা হয় ।যিটো বৰ প্ৰত্যাহ্বানমুলক দিন আছিল ।
সেই সময়তে কুনালে অনুভৱ কৰিলে যে,তেজ সংগ্ৰহ কৰা এক অতি কষ্টৰ কাম আৰু এই কষ্ট মানুহ তথা পৰিয়ালৰ সদস্য সকলক বহু অসুবিধাৰ সন্মুখীনত পেলাই । আৰু তেতিয়াই কুনালে এই সমস্যাৰ সমাধানৰ বাবে পথ বিচাৰিবলৈ ধৰিলে যাতে মানুহে এই সমস্যাৰ সন্মুখীন হ'ব নালাগে । এই বিচাৰ মনত লৈয়ে কলেজ শেষ হোৱাৰ পিছত ২০১৪ চনত 'দ্যা চেভিয়ৰ'ৰ প্ৰতিষ্ঠা কৰে । ই বৰ সহজ কাম নাছিল যদিও প্ৰথম ভাগতে কুনালে ১০০জন ৰক্ত দানৰ সৈতে মিলি কাম কৰিবলৈ সক্ষম হয় । প্ৰথম অৱস্থাতে সক্ষমতা অৰ্জন কৰাৰ পিছতে কুনালে পন ল'লে যে তেওঁ এই ব্যৱস্থা আৰু আগলৈ লৈ যাব আৰু মানুহৰ হিতাৰ্থে কাম কৰিব ।
কুনালে ইণ্টাৰ্নশ্বিপ লগতে মান পত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰিলে,কাৰন ছাত্ৰ-ছাত্ৰী প্ৰমান পত্ৰ বুলি ক'লে অতি সোনকালে আকৰ্ষিত হয় ।ইণ্টাৰ্নিশ্বিপৰ পিছতো তেওঁৰ সৈতে কাম কৰি যাবলৈ কুনালে ছাত্ৰ-ছাত্ৰী সকলে প্ৰেৰিত কৰে । বৰ্তমান সময়ত এই বেচৰকাৰী সংস্থাটোত ৩০০০ ৰক্ত দানৰ লগতে ৩০০০ লোকৰে গঠিত স্বেচ্ছা সেৱক দল গঠন হ'ল আৰু এতিয়ালৈ ১,০০০তকৈও অধিক লোকৰ জীৱন তেওঁলোকে বচাবলৈ সক্ষম হৈছে । কলকতাৰ পৰা আৰম্ভ হোৱা এই সংস্থা বৰ্তমান দিল্লী,মুম্বাই,পুনে আৰু বেংগালুৰতো এই বেচৰকাৰী প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ।
কুনলাৰ এই কামে কুনাল সুখ দিয়ে,সন্তুষ্টি দিয়ে বুলি জানিব পৰা গৈছে ।তেওঁ বিচাৰে সমূহ চহৰতে এনে ধৰনৰ চেভিয়ৰ প্ৰতিষ্ঠা কৰিব লাগে যাতে ৰক্ত দান কৰা আৰু ৰক্ত গ্ৰহন কৰাৰ মাজৰ দূৰত্ব কমি যায় আৰু মানুহে কোনো ধৰনৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগে ।