Begin typing your search above and press return to search.

২৬ বছৰে মন্দিৰৰ চোৱাচিতাৰ দায়িত্বত এজন মুচলমান লোক

২৬ বছৰে মন্দিৰৰ চোৱাচিতাৰ দায়িত্বত এজন মুচলমান লোক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Sep 2018 1:45 PM GMT

ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ হিচাপে জনাজাত যদিও হিন্দু আৰু মুছলমানৰ মাজত সময়ে সময়ে মত বিৰোধ হৈ আহিছে।হিন্দু সকলে বাবৰি মহজিদ ধংশ কৰা ঘটনাই আজিও মুছলমান সমাজক আঘাত হানে।তেনেদৰে মুছলমান সকলেও হিন্দু লোকৰ বিৰুদ্ধে নানা ধৰনৰ হিংসামূলক কাৰ্য্য কৰি আহিছে।

সেই সময়তে কিন্তু এজন বিশেষ ব্যক্তিৰ ত্যাগৰ কাহিনী পোহৰলৈ আহিছে।মুজাফাৰপুৰৰ এজন মুছলমান ব্যক্তিয়ে ২৬ বছৰ কাল এটা হিন্দু মন্দিৰৰ চোৱাচিতাৰ কামত নিজকে নিয়োজিত কৰি চৰ্চালৈ আহিছে। লাধেৱালা মুজাফাৰপুৰৰ এটা সৰু অঞ্চল যত বৰ্তমানে এটাও হিন্দু পৰিয়াল নাই।

১৯৯০ চনৰ বাবৰি মহজিদ ধংশৰ পাছত হিন্দু লোকসকলে সেই অঞ্চল ত্যাগ কৰে।তেতিয়াৰে পৰা নাডিম খান নামৰ ব্যক্তিজনে মন্দিৰটো চোৱাচিতা কৰি আহিছে।দৈনিক মন্দিৰৰ চৌহদ লোকজনে চাফা কৰে।প্ৰতিবছৰে দিপাৱলীৰ সময়ত মন্দিৰৰ চৌহদ পৰিস্কাৰ কৰাৰ উপৰি ৰং দিয়া সুন্দৰ কৈ সজায় তোলা হয়।

যি সময়ত সমগ্ৰ দেশতে হিন্দু আৰু মুছলমানৰ সংঘৰ্ষৰ ঘটনা সংঘটিত হৈ আহিছে তেনেসময়তে মুছলমান লোকজনৰ হিন্দু ধৰ্ম প্ৰীতিয়ে হিন্দু মুছলমানৰ ভাতৃত্ববোধৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।

Next Story
চাকৰি