২৬/১১ মুম্বাই আক্ৰমণৰ ১০ বছৰ সম্পুৰ্ণ

সমগ্ৰ দেশ কপাঁই যোৱা ১৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই আজি ১০ বছৰ সম্পুৰ্ণ কৰিলে। ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ চকুত ধূলি দি পাকিস্তানৰ পৰা অহা ১০ জনীয়া সন্ত্ৰাসবাদী কুখ্যাত দলটোৱে মায়ানগৰী মুম্বাইত চলাইছিল শতিকাৰ বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ। ছত্ৰপতি শিবাজি টাৰ্মিনেল(CST), মুম্বাইৰ বিখ্যাত তাজ হোটেল, ওৱেৰয় ট্ৰাইডেণ্ট, ন্যাৰিম্যান হাউচ আদি স্থানত অত্যাধুনিক মাৰণাস্ত্ৰৰে সজ্জিত পাকিস্তানী সন্ত্ৰাসবদী দলটোৱে নীৰিহ জনতাৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰি তেজৰ ফাঁকু খেলিছিল। ২০০৮ চনৰ ২৬/১১ত সংঘটিত এই ভয়ংকৰ আক্ৰমণত ১৬৬ জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু হাজাৰতকৈও অধিক লোক আহত হৈছিল। সদাব্যাস্ত মুম্বাই চহৰক আকস্মিক ভাবে পেপুৱা লগোৱা এই সন্ত্ৰাসবাদী আক্ৰমণৰ ভয়াবহ ছবি এতিয়াও সমগ্ৰ দেশবাসীৰ মনত সজীব হৈ আছে। মুম্বাই আৰক্ষী,ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ জোৱান আৰু কামাণ্ডোৰ সাহস,আত্মবলিদানেৰে দীৰ্ঘ সময়জোৰা সংঘৰ্ষৰ অন্তত সন্ত্ৰাসবাদী সকলক দমন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয়। ১০ জনীয়া দলৰ বাকী কেইজন সন্ত্ৰাসবাদী নিহত হয় একমাত্ৰ জীৱন্তভাবে কৰায়ত্ত কৰা হয় আজমল কাছভক আৰু পৰবৰ্তী সময়ত ফাঁচী দিয়া হয় দুধৰ্ষ সন্ত্ৰাসবাদীজনক। কিন্তু এতিয়াও এই জঘন্য ঘটনাৰ মাষ্টাৰ মাইণ্ড হাফীজ ছয়ীদে নিৰ্বিঘ্নে আশ্ৰয় লাভ কৰি আছে পাকিস্তানত। ২৬/১১ ৰ এই জঘন্য আক্ৰমণৰ পিছত ভাৰতৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হল।হঠাৎ হব পৰা আক্ৰমণৰ লগত মোকাবিলা কৰিবলৈ দেশৰ ডাঙৰ ডাঙৰ চহৰত গঠন কৰা হয় বিশেষ NSG ৰ গোট। পাকিস্তানী সন্ত্ৰাসবাদীক প্ৰতিহত কৰিবলৈ গৈ স্বহীদ হল সুদক্ষ আৰক্ষী অফিচাৰ হেমন্ত কাৰকাৰে আৰু বহুজন।
ভাৰতক অস্থিৰ কৰি তোলাৰ লক্ষ্যৰে পাকিস্তানৰ মাটিত চলিছিল মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড। পাকিস্তানৰ পৰা অহা ১০ জনীয়া প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী দলটোৱে কৰাচী বন্দৰৰ পৰা মুম্বাই উপকূললৈ জাহাজেৰে যাত্ৰা কৰিছিল লগত আছিল ভয়ংকৰ আৰু অত্যাধুনিক মাৰাণাস্ত্ৰ। মুম্বাই উপকূল পোৱাৰ আগে আগে সন্ত্ৰাসবাদী দলটোৱে এখন মাছমৰীয়াৰ নাওঁত থকা পাচজন মাছমৰীয়াক হত্যা কৰি সেই নাৱেৰে মুম্বাইত উপস্থিত হৈছিল। মুম্বাইত উপস্থিত হৈ সন্ত্ৰাসবাদী দলটো প্ৰথমে ছত্ৰপতি শিবাজী ৰেল ষ্টেচনলৈ যায় আৰু তাত থকা নিৰীহ জনতাৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰিবলৈ লয়। এই আকস্মিক আক্ৰমণত লোক সকলৰ মাজত হূৱা-দূৱা লাগে আৰু আতকিংত হৈ পৰে, বহু লোকৰ সন্ত্ৰাসবাদীৰ গুলিত প্ৰাণ যায় আৰু বহুতো লোক আহত হয়। ঘটনাৰ খবৰ পাই আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হয় কিন্তু হত্যাযজ্ঞ চলাই দলটো তাৰপৰা আটৰি গৈছিল, এইবাৰ লক্ষ্য আছিল ন্যাৰিম্যান হাউচ। ন্যাৰিম্যান হাউচত নিৰ্বিচাৰ গুলীচালনা কৰি সন্ত্ৰাসবাদী দলটো বেলেগে বেলেগে বিভক্ত হৈ তাজ হোটেল আৰু অৱেৰয় হোটেললৈ গতি কৰে। বাটত পহৰাদাৰী আৰক্ষীয়ে সন্ত্ৰাসবাদী দলটোৰ গাড়ীখনক বাধা প্ৰদান কৰোতে কৰ্তব্যৰত আৰক্ষীক গুলীয়াই হত্যা কৰি আৰক্ষীৰ গাড়ী পৰ্যন্ত লৈ যায় সন্ত্ৰাসবাদী সকলে। এইবাৰ নৰমেধ যজ্ঞ চলিল তাজ আৰু অৱেৰয় হোটেলত। গ্ৰেনেড বিস্ফোৰণ আৰু ধাৰাষাৰ গুলীচালনাৰে উন্মাদৰ দৰে সাধাৰণ জনতাক হত্যা কৰি যায় কাছভ হতৰ সন্ত্ৰাসবাদী দলটোৱে। ঘটনা নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰিল আৰক্ষীৰ বাবে, ইতিমধ্যে দিল্লীৰ পৰা মুম্বাইত উপস্থিত হৈছিল বিশেষ ২০০ জনীয়া NSG বাহিনীৰ দল। পৰবৰ্তী পৰ্যায়ত মুম্বাই আৰক্ষী আৰু NSG দলৰ যুটীয়া মাৰাথান অভিযানত উদ্ধাৰ কৰা হয় তাজ আৰু অবেৰয় হোটেল।হোটেলত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদী সকল নিহত হল,জীবন্তে কৰায়ত্ত কৰা হল দুধৰ্ষ আজমল কাছভক। যৱনিকা পৰিল এক যুদ্ধ সদৃশ পৰিবেশৰ বহু লোকে হেৰুৱালে আপোন জনক,স্বহীদ হল দেশৰ সাহসী আৰক্ষী বিষয়া।ইয়াৰ পিছত কাছভৰ ভাষ্যত উন্মোচিত হল নতুন নতুন পাকিস্তানৰ ঘৃণা আৰু অভিসন্ধিৰ বহু দিশ।
মুম্বাইৰ এই আক্ৰমণত ভাৰতে যুঁজিলে,ভাৰতে শিকিলে কিন্তু ইমানৰ পাছতো সলনি নহল পাকিস্তানৰ স্বভাব।পৰবৰ্তী সময়ৰ উদাহৰণ হল পাঠানকোঠ আদিৰ আক্ৰমণ।
অধিক খবৰৰ বাবে পঢ়ক: Breaking News