Begin typing your search above and press return to search.

৩১ জুলাইৰ ভিতৰত প্ৰকাশ কৰিব লাগিব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাঃউচ্চতম ন্যায়ালয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Jan 2019 8:00 AM GMT

উচ্চতম ন্যায়ালয়ে NRC ৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলালৈ কঠোৰ আহ্বান যে ৩১ জুলাইৰ ভিতৰত প্ৰকাশ কৰিব লাগিব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকা ৷আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে এন আৰ চি কাম কাজত অসুবিধাৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰি NRC ৰ সমন্বয়ক প্ৰতীক হাজেলাই ন্যায়ালয়ৰ কাষ চাপিছিল ৷ লগতে ছেপ্তেম্বৰলৈকে সময় বিচাৰিছিল ন্যায়ালয়ৰ পৰা ৷কিন্তু খণ্ড বিচাৰপীঠে প্ৰতীক হাজেলাৰ এই অনুৰোধ খাৰিজ কৰি ৩১ জুলাইৰ প্ৰাকমুহুৰ্তত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

ইফালে এই বিষয়টোৰ সন্দৰ্ভত মুখ্য ন্যায়ামীশ ৰঞ্জন গগৈ আৰু ন্যায়মূৰ্তি ৰোহিন্টন এফ নাৰিমনৰ বিচাৰ পীঠে কয় যে নিৰ্বাচন যিমানেই গুৰুত্ব পূৰ্ণ, সিমানেই গুৰুত্ব পূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ৷ গতিকে এই দুয়ো বিষয় এটাই আনটোক ক্ষতি নকৰাকৈ আগবাঢ়ি যাব লাগে ৷ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলৰ প্ৰসংগ উত্থাপন কৰি কয় যে বৰ্তমান এন আৰ চিৰ কামত নিয়োজিত কৰ্মচাৰী সকলে কেনেধৰণে কাম কৰিব লগতে তেওঁলোকৰ গতানুগতিক কৰ্মক যাতে এন আৰ চিয়ে প্ৰভাৱ নেপেলায় সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰাৰ কাৰণে এখন কমিটী গঠন কৰি দিয়ে ৷ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ অহা ৫ ফ্ৰেব্ৰুৱাৰীত ন্যায়ালয়ে পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব ৷

ইফালে ন্যায়ালয়ৰ মজিয়াত এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই প্ৰকাশ কৰা অনুসৰি নাগৰিক পঞ্জীৰ খচৰাৰ বাদ পৰা প্ৰায় ৪০,০৭,৭০৭ লাখ লোকৰ ভিতৰত মুঠ ৩৬.২ লাখ লোকে পুনৰ আবেদন জনাইছে৷ ৩০ জুলাইত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ৩,২৯ কোটি জনসাধাৰণৰ ভিতৰত ২.৮৯ কোটি জনসাধাৰণৰ নাম অন্তৰ্ভূক্ত হয় ৷ ইফালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সন্দৰ্ভত দাবী আপত্তি দাখিল কৰা প্ৰক্ৰিয়া ১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ৷লগতে এই সন্দৰ্ভত দাবী আপত্তি দাখিল কৰিব বিচৰা ব্যক্তিক ১৫ দিনৰ আগেয়ে ন’টিছ দিয়া হ’ব৷

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনাই আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে বাংলাদেশী মুক্ত হ’ব লাগে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা । ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা অবৈধ লোকসকলক চিনাক্ত কৰাৰ লগতে অসমত বিদেশী সমস্যা সমাধানৰ কাৰণে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এখন উৎকৃষ্ট দলিল ৷সকলোৱে লগে ভাগে আগবাঢ়ি যোৱাৰ লগতে এখন আদৰ্শ দস্তাবেজ তৈয়াৰ কৰিব লাগে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি