Begin typing your search above and press return to search.

৩১ মাৰ্চত মে- ভী-চকিদাৰ মত বিনিময় অনুষ্ঠিত

৩১ মাৰ্চত মে- ভী-চকিদাৰ মত বিনিময় অনুষ্ঠিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 March 2019 12:56 PM GMT

৩১ মাৰ্চত "মে-ভী-চকিদাৰ" মত বিনিময়ৰে নৰেন্দ্ৰ মোডীৰ ভিডিঅ কনফাৰেঞ্চ। ৩১ মাৰ্চত বিয়লি ৫ বজাত সমগ্ৰ দেশৰ ৫০০ টা স্হানত বিভিন্ন শ্ৰেণীৰ লোক সকলৰ লগত মত বিনিময় কৰিৱ প্ৰধানমন্ত্ৰী গৰাকীয়ে। অসমৰ ১৪ টা স্হানত অনুষ্ঠিত হব এই ভিডিঅ কনফাৰেঞ্চ।

বিগত ২০১৪ চনৰ লোকসভা নিৰ্বাচনত নিজৰ প্ৰচাৰ অভিযানত নৰেন্দ্ৰ মোডীয়ে "প্ৰধান সেৱক" আৰু "চকীদাৰ" হিচাবে প্ৰক্ষেপিত কৰিছে।

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য উল্লেখ কৰে যে বৰ্তমান লৈকে টুইটাৰত ৩০ লাখ আৰু ১৬৮০ কোটি ৰে সঁহাৰিৰে "মে-ভী-চকিদাৰ" প্ৰচাৰ অভিযান এক জন আন্দোলনত পৰিগণিত হৈছে। যিহেতু বিভিন্ন সময়ত "মে-ভী-চকিদাৰ" বিভিন্ন মাধ্যমত বহু চৰ্চাৰ বিষয় হৈ পৰিছে।

সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে অনুষ্ঠিত হব লগীয়া ভিডিঅ কনফাৰেঞ্চত উপস্থিত থাকিব বিজেপিৰ লগতে এন ডি এৰ মিত্ৰ নেতৃবৃন্দ। চিকিৎসক, উকিল, গাণনিক, আই টি চেক্টৰ, খেতিয়ক সকল, ব্যৱসায়, বাণিজ্যৰ লগত জড়িত ব্যক্তি সকলৰ লগতে অৱসৰ প্ৰাপ্ত চাকৰিয়াল সকল উপস্থিত থাকিব নৰেন্দ্ৰ মোডীৰ ভিডিঅ কনফাৰেঞ্চত। আনহাতে প্ৰথমবাৰৰ বাবে ভোট দিবলৈ ওলোৱা ভোটাৰ সকলকো এইবাৰ লক্ষ্য কৰি লৈছে বিজেপি চৰকাৰে|

মে-ভী-চকিদাৰ" মত বিনিময়ৰ অসমৰ ১৪ টা সমষ্টিত নৰেন্দ্ৰ মোডীৰ ভিডিঅ কনফাৰেঞ্চ অনুষ্ঠিত হব।

গুৱাহাটী সমষ্টিত শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰ উপস্থিত থাকিৱ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।কৰিমগঞ্জত জিলা পুথিভঁৰালত উপস্থিত থাকিব পৰিমল শুক্লবৈদ্য।ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিৎ দাস উপস্থিত থাকিব শিলচৰ লোকসভা সমষ্টিৰ জিলা পুথিভঁৰালত।

ডিফু শায়ত্ব শাসিতৰ দায়িত্বত ডিফু ক্লাৱত উপস্থিত থাকিৱ পিয়ুচ হাজৰিকা।কোকৰাঝাৰ সমষ্টিত উপস্থিত থাকিব চন্দ্ৰমোহন পাটোৱাৰী। বৰপেটাত উত্তৰ শালমাৰা সমূহীয়া কেন্দ্ৰত উপস্থিত থাকিব মন্ত্ৰী ভৱেশ কলিতা। মংগলদৈ সনাতন ধৰ্ম সভাত উপস্থিত থাকিব পলিত কুমাৰ বৰুৱা। তেজপুৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত উপস্থিত মন্ত্ৰী ৰণজিৎ দত্ত। শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য উপস্থিত থাকিৱ নগাঁও সমষ্টিত।কলিয়াবৰ লোকসভা সমষ্টি ত উপস্থিত থাকিব কামাখ্যা প্ৰসাদ তাচা।যোৰহাট সমষ্টিৰ পৰা উপস্থিত থাকিব হিমন্ত বিশ্ব শৰ্মা।ডিব্ৰুগড় জিলা পুথিভঁৰালত উপস্থিত থাকিব ৰমেন ডেকা।নব কুমাৰ দলে উপস্থিত থাকিৱ লক্ষীমপুৰ লোকসভা সমষ্টিত।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি