Begin typing your search above and press return to search.

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে বহু পথ দুৰ্ঘটনা সংঘটিত হয়

৩৯ নং  ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে বহু পথ দুৰ্ঘটনা সংঘটিত হয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 May 2019 7:42 AM GMT

বোকাজান হৈ নামবৰ অভয়াৰণ্যৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ৪০ কিলোমিটাৰ কাৰ্বি আংলং জিলাৰ নাগালেণ্ড আৰু মনিপুৰলৈ যোৱা পথছোৱাৰ অবস্থা অতি শোচনীয় । নাগালেণ্ড আৰু মনিপুৰলৈ যোৱা এইছোৱায়ে ঘাইপথ । এই পথছোৱাৰ দুৰৱস্থায়ে সাধাৰণ লোকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ।

কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰু নাগালেণ্ড আৰু মনিপুৰহৈ ডকমকালৈ যোৱা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা অতি শোচনীয় । মানঞ্জা আৰু পূৰ্না লাহৰিজানৰ অৱস্থাও ব্যতিক্ৰম নহয় ।বাৰিষাৰ সময়ত এই পথছোৱাৰ অবস্থা অধিক শোচনীয় হৈ পৰে| মেৰামতিৰ পিছত অধিক বেয়া হৈছে পথছোৱা । ট্ৰেফিক আৰু নিম্ন মানদণ্ডৰ মেৰামতিৰ কামৰ বাবে অধিক শোচনীয় হৈ পৰিছে । ডাঙৰ ডাঙৰ গাতৰ বাবে পথৰ মাজত পানী জমা হৈ যায়। পথৰ দুৰৱস্থাৰ বাবেই বহুতো পথ দুৰ্ঘটনা সংঘটিত হয়

পথৰ দুৰৱস্থাৰ বাবে জনসাধাৰণে হাৰাশাস্তিৰ সন্মুখীন হব লগা হৈছে । লগতে বাহন সমূহৰো যথেষ্ট ক্ষতি হয়। প্ৰত্যেক দিনাই বহুতো যানবাহান অহা যোৱা কৰে এই পথছোৱায়ে ।

বাৰিষাৰ সময়ত এই পথছোৱাৰ অবস্থা অধিক শোচনীয় হৈ পৰে। পথৰ ডাঙৰ ডাঙৰ গাতত পানী জমা হৈ পৰাৰ ফলত যাত্ৰা কৰিবলৈ অধিক অসুবিধাৰ সৃষ্টি হয় । পথৰ দুৰৱস্থাৰ বাবেই বহুতো পথ দুৰ্ঘটনা সংঘটিত হয় বুলি স্থানীয় লোকে প্ৰকাশ কৰে ।

বহু বছৰ ধৰি পথৰ মেৰামতিৰ বাবে বিভাগীয় কতৃপক্ষক জনোৱা হৈছে যদিও অতি পৰ্যন্ত মেৰামতি কৰা হোৱা নাই ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি