Begin typing your search above and press return to search.

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ ফলত হাৰাশাস্তিৰ সন্মুখীন যাত্ৰী

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ ফলত হাৰাশাস্তিৰ সন্মুখীন যাত্ৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 May 2019 9:03 AM GMT

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ ফলত গৰমপানী বাসীয়ে যথেষ্ট অসুবিধা সন্মুখীন হৈ আহিছে দীৰ্ঘ দিন ধৰি । নামবৰ অভৰান্যৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা অতি শোচনীয় । এই ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱা শেহতীয়াকৈ এছিয়ান হাইৱে-১ লৈ পৰিবৰ্তন কৰা হৈছে । এছিয়ান হাইৱে নেটৱৰ্কৰ ভিতৰত এছিয়ান হাইৱে-১ দীৰ্ঘতম ঘাইপথ ।

গৰমপানীৰ সমিপত অভৰান্যৰ অঞ্চলত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অথা এছিয়ান হাইৱে-১ ৰ অবস্থা অতি শোচনীয় । পথৰ দুৰৱস্থাৰ সন্দৰ্ভত পূৰ্বতেও বাতৰি সম্প্ৰচাৰ কৰা হৈছে । তাৰ পাছতে কাৰ্বি আংলং জিলাৰ লগতে , গোলাঘাট জিলাত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু মেৰামতি কৰা হয় । নামবৰ অভয়াৰণ্য আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১ নং এছিয়ান হাইৱেটো দুখন জিলাত বিভক্ত হৈ আছে । এটা অংশ কাৰ্বি আংলং জিলাত আৰু আনটো অংশ গোলাঘাটত জিলাত। এই পথছোৱাৰ দুৰৱস্থাৰ বাবে বিভিন্ন সময়ত বহুতো দুৰ্ঘটনা সংঘটিত হৈছে ।

স্থানীয় লোকৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গোলাঘাট শাখায়ে পুৰ্বতে পথছোৱা মেৰামতিৰ বাবে দাবী উত্থাপন কৰি আহিছিল । যদিও শীঘ্ৰে এই পথছোৱাৰ মেৰামতি কৰা নহয় তেতিয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় লোকে পথ অবৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ভাবুকি প্ৰদান কৰিছে । দুৰ্ঘটনা ৰোধ কৰিবলৈ পথৰ মেৰামতিৰ দাবী জনাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় লোকে।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি