Begin typing your search above and press return to search.

৩ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতা ,শিলিগুৰিৰ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব

৩ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতা ,শিলিগুৰিৰ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 March 2019 11:41 AM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ এপ্ৰিলত কলকাতা আৰু শিলিগুৰিৰ নিৰ্বাচনী প্ৰচাৰ ৰেলীত অংশগ্ৰহণ কৰিব । লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ বেংগলৰ শিলিগুৰি আৰু কলিকতাৰ ব্ৰিগেড পেৰেড পথাৰত নিৰ্বাচনী প্ৰচাৰ ৰেলীত অংশগ্ৰহণ কৰিব বুলি দেওবাৰে দলৰ নেতাই প্ৰকাশ কৰে।

৩ এপ্ৰিলত প্ৰথমতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১ বজাৰত শিলিগুৰিত প্ৰথম খন জনসভাত অংশগ্ৰহন কৰিব আৰু তাৰ পাছত ৩ বজাৰত ব্ৰিগেড পেৰেড পথাৰত এক ৰেলীত অংশগ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে বিজেপি নেতা মুকুল ৰয়ে । লগতে প্ৰকাশ কৰে যে পুৰ্বতে কোনো ৰাজনৈতিক দলে আয়োজন নকৰা ব্ৰিগেড ৰেলী উত্তৰ বেংগলত প্ৰথম বাৰ অনুষ্ঠিত হব । উত্তৰ বেংগলৰ বহু সমৰ্থকে এই ৰেলীত অংশগ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফেব্ৰুৱাৰী মাহত বংগত তিনি টা ৰেলীত অংশগ্ৰহণ কৰিছিল । ঠাকুৰ নগৰ, দুৰ্গাপুৰ আৰু জলপাইগুৰিৰ ৰেলীত অংশগ্ৰহণ কৰি মমতা বেনাৰ্জীৰ চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল। মমতা বেনাৰ্জীৰ চৰকাৰে জনসাধাৰণৰ মাজত হিংসাৰ বীজ ৰোপণ কৰাৰ লগতে শোষণ , নিপিড়ৰ চৰকাৰ বুলি প্ৰকাশ কৰিছিল ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি