৩ টা লোকসভা সমষ্টিত এ আই ইউ ডি এফ আৰু ইউ পি পি এলৰ মিত্ৰতা

৩ টা লোকসভা সমষ্টিত এ আই ইউ ডি এফ আৰু ইউ পি পি এলৰ মিত্ৰতা

আগন্তুক লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফ আৰু ইউ পি পি এলে তিনিটা সমষ্টিত মিত্ৰ হৈ নিৰ্বাচনীত অবতীৰ্ণ হব ।

কোকৰাঝাৰ সমষ্টিত এ আই ইউ ডি এফে ইউ পি পি এলৰ প্ৰাৰ্থী ওৰখা' গাউৰা ব্ৰহ্মক সমৰ্থন কৰিব । আনহাতে ধুবুৰী আৰু বৰপেটাত এ আই ইউ ডি এফৰ প্ৰাৰ্থীক সমৰ্থন কৰিব ইউ পি পি এলে সমৰ্থন কৰিব । বৰ্তমানৰ সাংসদ আৰু এ আই ইউ ডি এফৰ মুৰব্বী বদৰউদ্দিন আজমলে ধুবুৰী লোকসভা সমষ্টি ৰ পৰা নিৰ্বাচনত অবতীৰ্ণ হব । আনহাতে বৰপেটা সমষ্টিৰ পৰা হাফিজ ৰফিকুল ইছলামে নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াব ।

বুধবাৰে সংবাদ মাধ্যমেৰ লগত হোৱা কথোপকথনত এ আই ইউ ডি এফৰ সাধাৰণ সভাপতি আমিনুল ইছলাম আৰু ইউ পি পি এলৰ সহ সভাপতি ৰঙগুৰান নাৰ্জাৰীয়ে মিত্ৰতা কথা প্ৰকাশ কৰে । দুয়োটা দলৰ বুজাবুজিত এই মিত্ৰতা কৰা হৈছে বুলি কয় সংবাদ মাধ্যমক ।

লগতে প্ৰকাশ কৰে যে দুয়োটা দলৰ মাজত বুজাবুজিত মিত্ৰতা কৰিছে। কাৰণ দুয়োটা দলে একে বিষয় সমুহৰ ওপৰত গুৰুত্ব দিয়ে । দুয়োটা দলে শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে বিটিএডি অঞ্চলত সৰ্বোত প্ৰকাৰে উন্নয়নত গুৰুত্ব দিয়ে বুলি প্ৰকাশ কৰে । আমাৰ মুল লক্ষ্য হৈছে নাগৰিকত্ব সংশোধনি বিধেয়ক খনৰ বিৰুদ্ধে যুঁজ দি যাব বুলি নাৰ্জাৰীয়ে প্ৰকাশ কৰে । আমিনুল ইছলামে প্ৰকাশ কৰে যে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে এ আই ইউ ডি এফৰ লগত মিত্ৰতাৰ প্ৰসংগ উল্লেখ কৰিছিল কিন্তু সেয়া হৈ নুঠিল । কাৰন নাগৰিকত্ব সংশোধনি বিধেয়ক খন বিৰোধিতা কৰিছে কংগ্ৰেছে আৰু এ আই ইউ ডি এফে ।

এ আই ইউ ডি এফে তিনি টা লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰদান কৰিছে । কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটাৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে এ আই ইউ ডি এফে । আনহাতে ইউ পি পি এলে কোকৰাঝাৰ আৰু মংগলদৈ ত প্ৰাৰ্থীত্ব আগবঢ়াছে । মংগলদৈ লোকসভা সমষ্টিত এ আই ইউ ডি এফ আৰু ইউ পি পি এলৰ মাজত মিত্ৰতা নাই বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com