Begin typing your search above and press return to search.
৫৭সংখ্যক শিক্ষক দিৱস পালন

কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ মহৰ্ষি সন্দিপন বিদ্যাপীঠ বিদ্যালয়ত পালন কৰা হয় ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ৫৭সংখ্যক জন্ম দিৱস হিচাপে শিক্ষক দিৱস পালন কৰা হয়।বিদ্যালয় খনৰ "কিশোৰ ভাৰতী" কমিটীৰ উদ্যোগত বিদালয় খনৰ ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠান খনৰ আয়োজন কৰে।প্ৰায় ২০০গৰাকী ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে অনুষ্ঠান খনত।ভিন্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন ধৰনৰ কাৰ্য্যসূচী যেনে;একক সংগীত,দলীয় সংগীত আৰু বক্তৃত্বা প্ৰদানৰ অনুষ্ঠান অনুষ্ঠিত হয়।
ভাৰতৰ দ্বিতীয় জন ৰাষ্ট্ৰপতি ড° সৰ্ৱপল্লী ৰাধাকৃষ্ণনক সন্মান আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাই বিদ্যালয় খনৰ মুল লক্ষ্য।এজন শিক্ষকৰ ছাত্ৰ-ছাত্ৰী জীৱনত কিধৰনৰ চৰিত্ৰ ৰূপায়ন তথা কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ত বিদ্যালয় খনৰ প্ৰধান শিক্ষক পিংকু মালাকৰে ছাত্ৰ-ছাত্ৰী সন্মুখত বক্তৃত্বা প্ৰদান কৰে।
Next Story