৫৯ টা স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ চিনাক্ত: জিলা উপায়ুক্ত বিশ্বজিৎ পেগু

সমগ্ৰ ৰাজ্যৰ ১১৯৫ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৫৯ টা ভোট গ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে । এই স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ সমুহ পশ্চিম গুৱাহাটীৰ বুলি প্ৰকাশ কৰিছে ।
বৃহস্পতি বাৰে এক সংবাদমেল সম্বোধন কৰি কামৰূপ জিলা উপায়ুক্তয়ে প্ৰকাশ কৰিছে যে ৫৯ টা স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ আছে । পুৰ্বৰ লোকসভা নিৰ্বাচনৰ ৰিপোৰ্টৰ লগতে আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য, ৰিমোট অঞ্চল আৰু কিছুমান ছেদ' এৰিয়াক স্পৰ্শকাতৰ কেন্দ্ৰ বুলি চিনাক্ত কৰা হৈছে । নেটৱৰ্কৰ ইচ্ছুত ৭ টা অঞ্চলত ছেদ' এৰিয়া হিচাপে ঘোষণা কৰিছে ।
প্ৰত্যেকটো ভোট গ্ৰহণ কেন্দ্ৰতে নিশ্চিত নূন্যতম সকলো সুবিধা থাকিব লাগিব বুলি প্ৰকাশ কৰে বিশ্বজিৎ পেগুয়ে । লগতে ছেক্টৰ বিষয়ায়ে ১১৯৫ টা ভোট গ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰিব আৰু বিষয় সমুহৰ পৰ্যবেক্ষন কৰিব । ১৮০ খন বিদ্যালয়ত থকা ভোট গ্ৰহণ কেন্দ্ৰত বিদুৎৰ ব্যবস্থা নাছিল কিন্তু বৰ্তমান অস্থায়ী ভাবে বিদুৎৰ ব্যবস্থা কৰা হৈছে বুলি প্ৰকাশ কৰিছে । ২০ ৰ পৰা ২৫ টা ভোট গ্ৰহণ কেন্দ্ৰত খোৱা পানীৰ ব্যৱস্থা নাছিল যদিও বৰ্তমান খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰিছে ।
১১ টা ভোট গ্ৰহণ কেন্দ্ৰ প্ৰথম মহলাত অবস্থিত হোৱা বাবে বিশেষ ভাবে সক্ষম ভোটাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুয়ে । হুইল ছেয়াৰৰ লোকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও প্ৰকাশ কৰে । ৫ ৰ পৰা ৬ খন বিদ্যালয়ত বতৰৰ বাবে পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে । লগতে জিলা উপায়ুক্তয়ে প্ৰকাশ কৰে যে নিৰ্বাচনৰ সময়ত ৭০০ খন বাহন ব্যৱহাৰ কৰা হব আৰু নিৰ্বাচন সম্পৰ্কীয় সকলো দিশৰে কাম সম্পুৰ্ণ হৈছে বুলিও প্ৰকাশ কৰে।
অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি