Begin typing your search above and press return to search.

৫ বজালৈকে ৰাজ্যৰ ৪ টা লোকসভা সমষ্টিত ভোটৰ হাৰ ৭১.৪৭ শতাংশ

৫ বজালৈকে ৰাজ্যৰ ৪ টা লোকসভা সমষ্টিত ভোটৰ হাৰ ৭১.৪৭ শতাংশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 April 2019 12:21 PM GMT

আজি ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ। পুৱা ৭ বজাৰে পৰা ৪ টা লোকসভা সমষ্টিৰ ৯৫৭৭ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে।

সন্ধিয়া ৫ বজালৈকে ৰাজ্যৰ ৪ টা লোকসভা সমষ্টিত ভোটৰ হাৰ হৈছে ৭১.৪৭ শতাংশ । ৫ বজালৈকে গুৱাহাটীত ভোটৰ হাৰ ৬৫.২৮ শতাংশ, বৰপেটা সমষ্টিত ভোটৰ হাৰ ৭২.৪৭ শতাংশ, কোকৰাঝাৰ সমষ্টিত ৭০.৩১ শতাংশ আৰু ধুবুৰীত ভোটৰ হাৰ ৭৮.৯৪ শতাংশ ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইভিএমৰ বিসংগতিৰ মাজতে অনুষ্ঠিত হয় তৃতীয় পৰ্যায় লোকসভা নিৰ্বাচন। আজি গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু বৰপেটা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ ।

গুৱাহাটী লোকসভা সমষ্টিত লাচিত নগৰৰ কালিমন্দিৰ ভোট কেন্দ্ৰত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰে কৃষ্ণ ডেকাই ইভিএমৰ বিসংগতিৰ কথা প্ৰকাশ কৰে। মনপচন্দৰ প্ৰাৰ্থীক ভোট দিওঁতে বেলগত বুটামত ভোট যোৱাক লৈ এক উত্তপ্ত পৰিষ্ঠিতিৰ সৃষ্টি হয় ।

প্ৰাক্তন আৰক্ষীৰ সঞ্চালক গৰাকীয়ে প্ৰকাশ কৰা এনে ঘটনাত কংগ্ৰেছ সভাপতি ৰিপুণ বৰায়ে উদ্বেগ প্ৰকাশ কৰে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনোনয়ন সিঙ আৰু তেওঁৰ পত্নী গুৰুচাৰণ কৰে দিছপুৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰে।

৯৫৭৭ টা ভোট গ্ৰহণ কেন্দ্ৰ ত ৭৪,৭৭,০৬২ ভোটাৰ আছে । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৪ টা সমষ্টিত ৫৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় হৈছে ।৪ টা লোকসভা সমষ্টিত ১৪৭ টা মহিলা ভোট গ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে ধুবুৰীত ২৯ টা, কোকৰাঝাৰত ১১টা, বৰপেটাত ২৪ টা আৰু গুৱাহাটীত ৭৯ টা মহিলা ভোট কেন্দ্ৰ আছে।

তৃতীয় পৰ্যায় নিৰ্বাচনত ৫২৪ টা ৰিমোট ভোট গ্ৰহণ কেন্দ্ৰ আছে। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ৩৮,৩০৮ নিৰ্বাচনী বিষয়া আৰু ২০০ নিৰাপত্তা ৰক্ষীক মোতায়েন কৰা হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি