Begin typing your search above and press return to search.

৬৫.০১ শতাংশ ভোটদানেৰে শান্তিপূৰ্ণ ভাৱে ভোটগ্ৰহণ অনুষ্ঠিত লক্ষীমপুৰত

৬৫.০১ শতাংশ ভোটদানেৰে শান্তিপূৰ্ণ ভাৱে ভোটগ্ৰহণ অনুষ্ঠিত লক্ষীমপুৰত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 April 2019 11:12 AM GMT

ৰাজ্যত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত লক্ষীমপুৰত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷ লক্ষীমপুৰ সংসদীয় সমষ্টিটোৰ অন্তৰ্গত ক্ষেত্ৰত কোনো ধৰণৰ বিসংগতিপূৰ্ণ ঘটনা সংঘটিত হোৱা খবৰ জানিব পৰা হোৱা নাই। লক্ষীমপুৰৰ নিৰ্বাচনী বিষয়া ড° জীৱন বিয়ে কয় যে লক্ষীমপুৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত নাওবৈচা,লক্ষীমপুৰ, ঢকুৱাখানা,ধেমাজী, জোনাই,মাজুলী,চাবুয়া,দুমদুমা আৰু শদিয়াত স্বাধীন, নিৰপেক্ষ আৰু শান্তি পূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷

অৱশ্যে ইলেক্ট’নিক ভোটিং মেচিনৰ বিসংগতিৰ কাৰণে ধেমাজী আৰু লক্ষীমপুৰ জিলাত ভোটগ্ৰহণ পলমকৈ আৰম্ভ হয় ৷ লোকসভাৰ প্ৰাৰ্থীৰ ভিতৰত বিজেপি,এজিপি,এচজিএচ আৰু বিপিএফ,সাংসদ প্ৰদান বৰুৱা, কংগ্ৰেছৰ অনিল বৰগোহাঁঞি, কংগ্ৰেছৰ অনুপ প্ৰতিম বৰুৱা,ভাৰতীয় কমিউনিষ্ট দলৰ অমিয় কুমাৰ সন্দিকৈ, কমিউনিষ্ট দলৰ অৰূপ কলিতা, অসম জন মঞ্চৰ উবেদূৰ ৰহমান কাছমী,অসম দৃষ্টি দলৰ দিলীম মৰাণ,এচইউচিআইৰ প্ৰাৰ্থী হেম কলিতা, নিৰ্দলীয় প্ৰাৰ্থী আমবাজ উদ্দিন আৰু প্ৰভু লাল বৈষ্ণৱে প্ৰতিদ্বন্দিতা কৰে ৷

অন্যহাতে, সমষ্টিটোত বিয়লি পাঁচ বজা পৰ্যন্ত ১৭,০৪,৪৪৭ জন ভোটদাতাৰ ভিতৰত ১১,০৯,৬১৩ জন ভোটাৰে ভোটদান কৰে ৷ ইফালে, মাজুলী ৬৪,২৮ শতাংশ,লক্ষীমপুৰত ৪৮.৬০ শতাংশ,ঢকুৱাখানাত ৭১.১৪ শতাংশ,নাওবৈচাত ৬২ শতাংশ,ধেমাজীত ৬২.৬৬ শতাংশ,জোনাইত ৭১ শতাংশ,চাবুয়াত ৭১ শতাংশ,দুমদুমাত ৬৫.২০ শতাংশ আৰু শদিয়াত ৬৫ .২০ শতাংশ ভোটদান হয় ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি