
ইণ্ডোনেছিয়াৰ জাকাৰ্টাত চলি থকা ১৮ সংখ্যক এছিয়ান গেমছত ভাৰতৰ হৈ নৱমটো স্বৰ্ণ পদক জয় কৰিলে দৌৰবিদ মনজিৎ সিঙে।৮০০ মিটাৰ দৌৰত মনজিতে ১৯৮২ চনৰ পাছত এছিয়ান গেমছত স্বৰ্ণ পদক জয় কৰে।
ইয়াৰ আগতে চাৰ্লচ বৰমেওয়ে ভাৰতৰ হৈ স্বৰ্ণ পদক জয় কৰিছিল।মনজিতে ১:৪৬:১৫ ছেকেণ্ডেৰে দৌৰ সমাপ্ত কৰি ইতিহাস ৰচনা কৰে।এছিয়ান গেমছত আৰু স্বৰ্ণ পদক ভাৰতলৈ।
একে শাখাতে ৰূপৰ পদক লাভ কৰে ভাৰতৰে জিনচন জনচনে।অসমৰ হিমা দাসে ৰিলেত ৰূপৰ পদক লাভ কৰে।এতিয়ালৈ ভাৰতে ৯ টা স্বৰ্ণ পদক ১৯ টা ৰূপৰ পদক সহ ৫০ টা পদকেৰে অষ্টম স্থান দখল কৰিছে।