Begin typing your search above and press return to search.

ৰজনীকান্ত: বিশ্ব জিনা অসাধাৰণ মানুহজনৰ সাধাৰণ জীৱন

ৰজনীকান্ত: বিশ্ব জিনা অসাধাৰণ মানুহজনৰ সাধাৰণ জীৱন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Dec 2018 11:52 AM GMT

বিশ্বৰ জনপ্ৰিয় অভিনেতাসকলৰ ভিতৰত তথা বলীউডৰ লগতে টলীউডৰ চলচিত্ৰ প্ৰেমীসকলৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা ছুপাৰষ্টাৰসকলৰ ভিতৰত ৰজনীকান্ত হৈছে অন্যতম ৷ কণমানিৰ পৰা বয়োজেষ্ঠ্য জনলৈ প্ৰত্যেকজনৰ হৃদয়ত এখন বিশেষ আসন দখল কৰিবলৈ সক্ষম হৈছে দক্ষিনৰ ছুপাৰষ্টাৰ ৰজনীকান্তে ৷ ছুপাৰষ্টাৰ ৰজনীকান্ত আৰু অক্ষয় কুমাৰৰ সদ্যমুক্তি প্ৰাপ্ত ছবি 2.0 ৰ ইতিমধ্যে বক্স অফিছত ধুমুহাৰ সৃষ্টি কৰিছে ৷ তিনিটা ভাষাত অনুদিত 2.0 ৰ সফলতাই ইয়াকেই প্ৰতিপন্ন কৰিছে যে,ৰজনীকান্ত আৰু হিটছবি যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷

বলীউড

এক খবৰ অনুসৰি 2.0 ৰ নিৰ্মাতা শংকৰৰ পৰা ছবিখনৰ কাৰণে ৰজনীকান্তে লাভ কৰিছে ৬৫ কোটি টকা ৷ কিন্তু এটা সময়ত এখন ছবি কৰি ২০০০ টকা উপাৰ্জন কৰাৰো অভিজ্ঞতা আছে ৰজনীকান্তৰ ৷ ৰজনীকান্তে ১৯৭৫ চনত "অপূৰ্ব ৰাংগল" নামৰ এখন ছবিৰ জৰিয়তে অভিনয় জগতত খোজ পেলাইছিল ৷ ছবিখনৰ নিৰ্মাতা আছিল কে ৱালচন্দন ৷ ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছিল অন্য এজন ষ্টাৰ কমল হাচানে ৷

নিৰ্মাতা ৱালচন্দ্ৰনে ৰজনীকান্তক মাদ্ৰাছা ফিল্ম ইনষ্টিটিউডত প্ৰথম লগ পাইছিল ৷ ছবিখনত ৰজনীকান্তে অলপ সময়ৰ কাৰণেহে স্কীণত উলাইছিল। কিন্তু সেই অলপ সময়তে ছবি খনৰ নিৰ্মাতা বালাছন্দ্ৰনে সহযোগী এজনক কৈছিল যে,এই যুৱক জনৰ চকুত জুই আছে,আশা আছে,হেপাঁহ আছে ৷ এটা সময়ত সমগ্ৰ তামিলনাডু এই যুৱক জনৰ হ’ব । সচাঁকৈয়ে,আমাৰ অসমীয়াত এষাৰ কথা আছে যে "যি মূলা বাঢ়ে তাৰ দুপাততে চিন" ৷ কে বালাচন্দ্ৰনৰ ৰজনীকান্তৰ বিষয়ে কোৱা কথাষাৰ বাস্তৱত ৰূপায়িত হ’বলৈ যেন বেছি দিন নালাগিল। আজি তামিলনাডুকে ধৰি বিশ্বৰ অসংখ্য লোকে ৰজনীকান্তক হৃদয়ত এটি বিশেষ ঠাইত ৰাখে ৷

শিৱাজীৰাও গায়কবাড় অৰ্থাৎ ৰজনীকান্তৰ জন্ম হৈছিল ১৯৫০ চনৰ ১২ ডিচেম্বৰত ৷ কৰ্ণাটকত জন্মগ্ৰহণ কৰা ৰজনীকান্তৰ পিতৃ ৰামোজী আছিল আৰক্ষী কনিষ্টবল ৷ ৰজনীকান্তৰ ৫ বছৰ বয়সতে মাতৃ জীজাবাঈৰ মৃত্যু হয় ৷ ১৯৮১ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত ৰজনীকান্তে লতা ৰংগাচাৰীৰ লগত বিবাহ পাশত আৱদ্ধ হয় ৷ ইথিৰাজ কলেজৰ ছাত্ৰী লতাই কলেজৰ এখন আলোচনীৰ কাৰণে এটা ইন্টাৰভিউ ল’বলৈ যাওঁতেই ৰজনীকান্ত লগত প্ৰথম চিনাকি হয় আৰু পিছলৈ সেই চিনাকীয়ে প্ৰেমলৈ ৰূপান্তৰিত হয় ৷ অন্যহাতে, বহু ঘাত প্ৰতিঘাতৰ মাজৰে ৰজনীকান্তে বলীউড তথা টলীউডত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

ছবিজগতলৈ অহাৰ পূৰ্বতে ৰজনীকান্ত কনডক্টৰ আছিল৷ কিন্তু অভিনয়ক জীৱনৰ একমাত্ৰ পূজা হিচাপে ভাল পোৱাৰ কাৰণে যিকোনো নাটকত অংশ লৈছিল ৷ আৰু তেনেদৰে সফলতাও লাভ কৰিছিল ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল,CBSE ৰ পাঠ্যক্ৰমত নিজৰ নাম সন্নিবিষ্ট কৰা ৰজনীকান্ত আছিল প্ৰথম অভিনেতা ৷ উল্লেখ্য যে,ৰজনীকান্তক জনসাধাৰণ বা অনুৰাগীসকলে অভিনেতা হিচাপেই ভাল নাপায়; ভাল পায় এজন হৃদয়বান ব্যক্তি হিচাপে ৷ৰজনীকান্তে যিকোনো ছবি কৰি যি টকা উপাৰ্জন কৰে ৷ সেই টকা ছবিখন বক্স অফিছত নছলিলে বা দৰ্শকে আদৰি নললে প্ৰমোশ্যনৰ বাবে লোৱা টকা ৰজনীকান্তে প্ৰযোজক নিৰ্মাতাক ঘূৰাই দিয়ে ৷ লগতে ৰজনীকান্তে এতিয়ালৈকে কোনো বিজ্ঞাপনত অভিনয় কৰা নাই ৷

ইফালে প্ৰায় ৩৬০ কোটি টকাৰ মালিক দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্ত ৷ কিন্তু বিশাল সম্পত্তি থকাৰ পিছতো অত্যন্ত সাধাৰণ জীৱন যাপন কৰে ৰজনীকান্তে ৷ ছবি বা অন্যান্য যিকোনো ক্ষেত্ৰত যিখিনি উপাৰ্জন কৰে তাৰ আধায়েই দান কৰি দিয়ে ৰজনীকান্তে ৷ জনপ্ৰিয় ফ’ৰ্বছ আলোচনীত সকলোতকৈ বেছি উপাৰ্জন কৰা ষ্টাৰ সকলৰ ভিতৰত ২০১৮ চনত ৫০ কোটি উপাৰ্জন কৰা ৰজনীকান্তৰ স্থান হৈছে ১৪ ৷

সচাঁকৈয়ে ইমান পৰিমাণৰ ধন উপাৰ্জন কৰিও কিন্তু ৰজনীকান্তৰ কোনো অহংকাৰ নাই,নাই কোনো আক্ষেপ৷ অসংখ্যজনক সহায় কৰি অসংখ্যজনৰ হৃদয়ত স্থান পাবলৈ সক্ষম হোৱা তথা বহুতৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা ৰজনী কান্তক জনতাই এজন অভিনেতা হিচাপেই নহয় এজন হৃদয়বান,দানৱীৰ ৰূপত শ্ৰদ্ধা কৰে,মৰম কৰে ৷ গতিকে দীৰ্ঘায়ু হওক ৰজনীকান্ত ৷ এইয়াই আশা জনসাধাৰণৰ লগতে ৰজনীকান্তৰ অনুৰাগীৰো ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story
চাকৰি