Begin typing your search above and press return to search.

ৰঞ্জন গগৈক পৰৱৰ্তী মুখ্য ন্যায়াধীশ নিযুক্তি ৰাষ্ট্ৰপতিৰ

ৰঞ্জন গগৈক পৰৱৰ্তী মুখ্য ন্যায়াধীশ নিযুক্তি ৰাষ্ট্ৰপতিৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Sep 2018 6:38 AM GMT

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বৃহস্পতিবাৰে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰে।তেওঁ উত্তৰপূৰ্বাঞ্চলৰ প্ৰথম জন ব্যক্তি হিচাপে দেশৰ আইন ব্যৱস্থাৰ সৰ্বোচ্চ পদত অধিস্থিত হল।দীপক মিশ্ৰাৰ অৱসৰৰ পাছত গগৈয়ে দেশৰ ৪৬ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ৩ অক্টোবৰৰ দায়িত্বভাৰ গ্ৰহণ কৰিব।ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ লগতে বহুত গুৰুত্বপূৰ্ণ বিষয়ত ন্যায়দান কৰিছে।

সৰুৰে পৰা অত্যন্ত মেধাৱী আৰু গম্ভীৰ চৰিত্ৰৰ ৰঞ্জন গগৈয়ে ডিব্ৰুগড়ৰ ডনবস্ক' বিদ্যালয়ৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলিছিল । প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈ আৰু শান্তি গগৈৰ পাঁচটি সন্তানৰ দ্বিতীয় সন্তান ৰঞ্জন গগৈ সৰুৰে পৰাই পঢ়াত অতি মেধাৱী আছিল । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ , পঞ্জাৱ আৰু হাৰিয়ানাৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যনিবাহ কৰিছিল।

কেশৱ চন্দ্ৰ গগৈ আৰু শান্তি গগৈৰ জ্যেষ্ঠ পুত্ৰ তথা ৰঞ্জন গগৈৰ জ্যেষ্ঠ ভাতৃ অঞ্জন গগৈয়ে এয়াৰ চিফ মাৰ্চেল হৈ অৱসৰ গ্ৰহণ কৰাৰ লগতে দুই ভগ্নী অসম চৰকাৰৰ ৰাজপত্ৰিত বিষয়া আৰু কনিষ্ঠ ভাতৃ লণ্ডনস্থিত এজন খ্যাতনামা চিকিৎসক ।

Next Story
চাকৰি