
কৰীনা কাপুৰ খান বলীউডৰ সুন্দৰী তথা ষ্টাইলিষ্ট অভিনেত্ৰী সকলৰ ভিতৰত অন্যতম ৷ কৰীণা কাপুৰ খানে বলীউডৰ বিভিন্ন অনুষ্ঠান তথা এয়াৰ প’ৰ্ট লুকে সদায়েই চৰ্চাৰ শীৰ্ষত থাকে। শেহতীয়াকৈ কৰীনা কাপুৰ খানক বলীউডৰ আটাইতকৈ ষ্টাইলিষ্ট অভিনেত্ৰী হিচাপে পুৰস্কৃত হৈছে ৷ কিন্তু পুৰস্কৃত হোৱাৰ পিছত যেতিয়া কৰীনাক প্ৰশ্ন কৰা হয় যে কৰীনা কাপুৰৰ অনুসৰি সকলোতকৈ ষ্টাইলিষ্ট কোন?
তেতিয়া কৰীনাই অলপো সময় নষ্ট নকৰাকৈ পুত্ৰ টেইমুৰ আলী খানৰ কথা উল্লেখ কৰে ৷আৰু কয় যে টেইমুৰ সকলোতকৈ ষ্টাইলিষ্ট ৷ মই এই পুৰস্কাৰটো টেইমুৰলৈ আগবঢ়াইছো। টেইমুৰ সকলোতকৈ ষ্টাইলিষ্ট ৷ মোৰ মতে টেইমুৰ ৰনৱীৰ সিঙতকৈও অধিক ষ্টাইলিষ্ট ৷এই মন্তব্য কৰীনা কাপুৰ খানৰ ৷ইফালে কিছু দিনৰ পূৰ্বতে ছ’চিয়েল মিডিয়াত ৰনৱীৰ সিঙৰ ফংকী ষ্টাইলক টেইমুৰৰ ফেশ্বনৰ লগত সাদৃশ্য কৰা হৈছিল ।
কিন্তু সম্প্ৰতি কৰীনাই নিজেই পুত্ৰ টেইমুৰক ৰনবীৰতকৈ অধিক ষ্টাইলিষ্ট বুলি মন্তব্য কৰে ৷ কৰীনা কাপুৰ খানে অনুষ্ঠানটিলৈ কলা ৰঙৰ পোচাক পৰিধান কৰি গৈছিল ৷চুলি বান্ধি, ন্যুড লিপষ্টিক,স্মকী আইজৰ সৈতে বহুত ক্লাচি লাগিছিল কৰীনা কাপুৰ খান ৷বলীউডত ৰনৱীৰ সিঙৰ পোচাকে সততে চৰ্চা লাভ কৰি থাকে যদিও অভিনেতা জনৰ অভিনয় সদায় মন কৰিবলগীয়া ৷
উল্লেখ্য যে, ২০১৮ বৰ্ষত মুক্তি লাভ কৰা ছুপাৰহিট ছবি “পদ্মাৱত”ছবিখনে ৩০০ কোটি টকা উপাৰ্জন কৰে । লগতে “চিম্বা”ই উপাৰ্জন কৰে প্ৰায় ২০০ কোটি টকা৷উল্লেখ্য যে ২০১০ চনত মুক্তি প্ৰাপ্ত ছবি “বেণ্ড বাজা বাৰাট”ৰ জৰিয়তে বলীউডত খোজ পেলাই ৰনৱীৰ সিঙে ৷ এই ছবিখনৰ জৰিয়তে দৰ্শকৰ যথেষ্ট মৰম বুটলিবলৈ সক্ষম হয় ৷
লগতে ছবিখনৰ জৰিয়তে ফিল্ম ফেয়াৰ এৱাৰ্ডে দিয়া ডেৱিউট বেষ্ট এক্টৰ বটাঁ লাভ কৰে ৰনৱীৰে। ইয়াৰ পিছত ২০১৩ বৰ্ষত “লুটেৰা”,২০১৪ চনত “গুণ্ডে”,২০১৫ চনত “ডিল ধড়ক নে দো”,অন্যতম ৷কিন্তু ৰনৱীৰ সিঙৰ বহু চৰ্চিত ছবিসমূহ হৈছে সঞ্জয় লীলা ভাঞ্চালীৰ ২০১৩ বৰ্ষৰ “গুলীয়ো কি ৰাসলীলা ৰাম লীলা”, ২০১৫ চনৰ মুক্তি পোৱা “বাজীৰাও মস্তানী”, এই ছবিখনত ৰনৱীৰে শ্ৰেষ্ট অভিনেতাৰ পুৰস্কাৰ লাভ কৰিছিল ৷ইয়াৰোপৰি, ২০১৮ চনত মুক্তি পোৱা ছবি “পদ্মাৱত”,ছবিখনৰ ৰনৱীৰ সিঙৰ লুক,অভিনয় আদিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল জনসাধাৰণৰ মাজত ৷
ৰনৱীৰ সিঙৰ মুক্তিৰ অপেক্ষাত থকা এখন ছবি হৈছে ৮৩ ৷কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত ছবিখনক লৈ যথেষ্ট উৎসুক প্ৰকাশ কৰিছে ৰনৱীৰ সিঙৰ ৷ কপিল দেৱৰ সন্দৰ্ভত মন্তব্য কৰি ৰনৱীৰ সিঙে কয় যে কপিল ছাৰৰ লগত সময় কটাবলৈ মই বহুত উৎসুক ৷কাৰণ কপিল দেৱৰ লগত কটোৱা মুহুৰ্তসমূহে ছবিখনত অভিনয় কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব ৷ কপিল দেৱৰ কাহিনী, অনুভৱ, বিচাৰধাৰা,ভাৱনা,ভাবধাৰ আদি সকলো অনুভৱ ছবিখনৰ জৰিয়তে বাস্তৱায়িত কৰিবৰ চেষ্টা কৰিব ৰনৱীৰ সিঙে৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন