Begin typing your search above and press return to search.

ৰনৱীৰ দীপিকাৰ প্ৰথমটো গ্ৰেণ্ড পাৰ্টী

ৰনৱীৰ দীপিকাৰ প্ৰথমটো গ্ৰেণ্ড পাৰ্টী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Nov 2018 6:30 AM GMT

বলীউডৰ সদ্য বিবাহিত দম্পতী দীপিকা পাডুকন আৰু ৰনৱীৰ সিঙৰ বিয়াৰ প্ৰত্যেকটো মুহুৰ্ত চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে অনুৰাগীসকলে ৷ কিন্তু অনুৰাগীসকলৰ অপেক্ষাৰ অন্ত পেলাই ৰনবীৰ-দীপিকাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে বিবাহৰ কেইখনমান ফ’টো। ৰণৱীৰ-দীপিকাৰ বিবাহৰ ফ’টো সমূহ সদ্যহতে ভাইৰেল হৈ পৰিছে অনুৰাগীসকলৰ মাজত ৷সিন্ধী আৰু দক্ষিণ ভাৰতীয় নীতি নিয়মেৰে হোৱা বিয়াখনত ৰনৱীৰ আৰু দীপিকাক অত্যন্ত ধুনীয়া দেখা গৈছে ৷ সিন্ধী আৰু দক্ষিন ভাৰতীয় সাজ পোছাকত ৰনৱীৰ আৰু দীপিকাক বিয়াৰ অন্যান্য লোকসকলৰ লগত আনন্দ,ফুৰ্তি কৰি থকা দেখিবলৈ পোৱা গৈছে ৷

ৰনৱীৰ দীপিকা

ৰনৱীৰ দীপিকা

ইফালে দীপিকা ৰনৱীৰে পৰিধান কৰা পোচাকসমূহৰ বেচি ভাগেই জনপ্ৰিয় ডিজাইনাৰ সব্যসাচীৰ ৷ অন্যহাতে দীপিকা ৰনবীৰ বিবাহৰ প্ৰথম গ্ৰণ্ড পাৰ্টী হ’ব বুধবাৰ অৰ্থাৎ ২১ নৱেম্বৰত ৷ বেংগালুৰুস্থিত লীলা পেলেচত হ’ব দীপকা আৰু ৰনৱীৰ অৰ্থাৎ দীপৱীৰৰ গ্ৰেণ্ড পাৰ্টীৰ ৷ গতিকে, মংগলবাৰে বলীউডৰ নৱ দম্পতী দীপৱীৰ ৰাওনা হৈছে বেংগালুৰুলৈ ৷ বুধবাৰে হোৱা গ্ৰণ্ড পাৰ্টীটোৰ খাদ্য সম্ভাৰৰ ভিতৰত বেছিভাগ হ’ব দক্ষিন ভাৰতীয় ৷বেংগালুৰুৰ এই পাৰ্টীটোত উপস্থিত থাকিব দীপিকা ৰনৱীৰৰ ঘনিষ্ঠসকল ৷ৰনৱীৰ দীপিকা

ৰনৱীৰ দীপিকা

ইয়াৰ পিছত মুম্বাইত দীপিকা ৰনৱীৰৰ বিবাহৰ উপলক্ষে দিয়া পাৰ্টীটো হ’ব ২৮ নৱেম্বৰত। মুম্বাইত হ’ব লগীয়া পাৰ্টীটোত উপস্থিত থাকিব ৰনৱীৰ দীপিকা ঘনিষ্ঠসকলৰ লগতে অন্যান্যলোকসকলৰ উপৰিও বি টাউনৰ ষ্টাৰ ছুপাৰষ্টাৰসকল ৷ ইফালে, যেতিয়া ৰনৱীৰ সিং আৰু দীপিকা পাডুকন মুম্বাই বিমানবন্দৰৰ পৰা বেংগালুৰুলৈ ৰাওনা হৈছিল সেই সময়ত ন কইনা দীপকাক বিমান বন্দৰত উপস্থিত থকা ফটোগ্ৰাফাৰসমূহে "ভাবীজী"বুলি কোৱাত ৷ দীপিকাই ফটোগ্ৰাফাৰসমূহক মিচিকীয়া হাঁহিৰে সম্ভাষন জনাইছিল ৷

ৰনৱীৰ দীপিকা

ৰনৱীৰ দীপিকা

এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, দীপিকা ৰনৱীৰৰ বিয়াৰ পিছত তেওঁলোকৰ যি কোনো বেণ্ডৰ মূল্য বাঢ়ি গৈছে ৷ জনপ্ৰিয় আলোচনী ফ’বছৰ মতে,দীপিকাৰ বাৰ্ষিক আয় হৈছে ১০২ কোটি টকা ৷ ৰনৱীৰৰ হৈছে ২২০ কোটি টকা ৷ উল্লেখ্য যে,১৪ আৰু ১৫ নৱেম্বৰত ইটালীৰ লেক ক’মোত হৈছিল বলীউডৰ বহু চৰ্চিত ৰনৱীৰ দীপিকাৰ বিয়াখন ৷ প্ৰায় ৭০০বছৰ পুৰণি এটা ভিলা হোৱাত বিয়াখনক লৈ উৎসুক হৈ পৰিছিল অনুৰাগীসকল ৷

ৰনৱীৰ দীপিকা

ৰনৱীৰ দীপিকা

অন্য খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

Next Story
চাকৰি