Begin typing your search above and press return to search.

ৰহা টোল মুকলি কৰাক বিৰোধিতা: প্ৰফুল্ল কুমাৰ মহন্ত

ৰহা টোল মুকলি কৰাক বিৰোধিতা: প্ৰফুল্ল কুমাৰ মহন্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 July 2018 10:03 AM GMT

যোৱা বুধবাৰে গোলাঘাট জিলাৰ জিলা পুথিভঁৰালত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনুষ্ঠিত কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা প্ৰাক্তন অসম মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৰহা টোল গেটৰ মুকলি বিৰুদ্ধে নিজ মন্তব্য প্ৰকাশ কৰে।

ৰহা টোল মুকলি কৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে ৪লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মান কাম সম্পূৰ্ণ হোৱা পিছত এন এইচ এ আইয়ে ৰহা টোল গেট মুকলি কৰা উচিত।আনহাতে,কেন্দ্ৰীয় পৰিবহন বিভাগৰ নিয়ম অনুসৰি দৈনিক ১০,০০০তকৈ অধিক যান-বাহন অহা যোৱা কৰা পথতহে টোল গেট হ'ব লাগে কিন্তু তাৰ বিপৰীতে ৰহাত দৈনিক ৫,০০০কম যান-বাহন কৰে বুলি মত প্ৰকাশ কৰে।

ইয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে মাত মাতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

Next Story