Begin typing your search above and press return to search.

ৰাজকুমাৰ ৰাওৰ নতুন ছবিৰ বাবে প্ৰস্তুতি

ৰাজকুমাৰ ৰাওৰ নতুন ছবিৰ বাবে প্ৰস্তুতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 July 2018 12:34 PM GMT

নিৰ্দেশক অমৰ কৌশিক আৰু প্ৰযোজক দিনেশ ভিজেনৰ ভূতৰ হাস্যত্মাক ছবি খনত ৰাজকুমাৰ ৰাওৰ বিপৰীতে শ্ৰদ্ধা কাপুৰক দেখা পোৱা যাব।ছবি খন মুক্তি পাব অহা ৩১ আগষ্টত।

অভিনেতা ৰাজজুমাৰ ৰাওে নতুনকৈ আহিবলগীয়া ছবিৰ খনত যিটো চৰিত্ৰত অভিনয় কৰিছে তাৰ বাবে এজন টেইলৰে কিদৰে কাপোৰ চিলাই কৰে সেই বিষয়ত প্ৰশিক্ষন লৈ আছে।ইয়াৰ উপৰিও ৰাজকুমাৰে মত প্ৰকাশ কৰে যে ছবি সমূহত কোনো দুঃসাহসিক ক্ৰিয়া দেখুৱাবলৈ হ'লে যিদৰে অন্য ব্যক্তিৰ সহায়ত চৰিত্ৰটি ৰূপায়ন কৰা হয়,এনে ধৰনৰ কাৰ্য্য ৰাজকুমাৰে নকৰে বৰঞ্চ তেওঁ কৈছে যে নিজে কাম এটা শিকি নাইবা আয়ত্ত কৰিলে বেছি সুবিধা হয় তথা নিজৰ কাৰণে ভাল হয় বুলি কৈছে।

Next Story
চাকৰি