Begin typing your search above and press return to search.

ধুবুৰীত উপস্থিত ৰাজনাথ সিঙ: উদ্বোধন কৰিলে স্মাৰ্ট ডিজিটেল ফেন্সিঙ

ধুবুৰীত উপস্থিত ৰাজনাথ সিঙ: উদ্বোধন কৰিলে স্মাৰ্ট ডিজিটেল ফেন্সিঙ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 March 2019 12:34 PM GMT

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙ আজি উপস্থিত হয় ধুবুৰীত ।ধুবুৰীৰ বৰ্মনপাৰা BOPত স্মাৰ্ট ডিজিটেল উদ্বোধন কৰিলে ৰাজনাথ সিঙে। গৃহ মন্ত্ৰীৰ ৰাজনাথ সিঙৰ সৈতে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কম্প্ৰেহেনচিভ ইণ্টিগ্ৰেটেড ব’ৰ্ডাৰ মেনেজমেণ্ট ছিষ্টেমৰ উদ্বোধন কৰিলে গৃহ মন্ত্ৰীগৰাকীয়ে। ধুবুৰী সীমান্তৰ ৩০ কিঃমিঃ এলেকাত কাৰ্যকৰী এই ব্যৱস্থা। বৰ্মনপাৰা সীমান্তৰ পৰা শিশুমাৰালৈ ৰূপায়ণ হয় এই প্ৰকল্পৰ। ৪৬ কোটি ব্যয়েৰে ছীল হ’ল বাংলাদেশৰ জল সীমান্ত। মাটিৰ তলত অপ্টিকেল ফাইবাৰ ছিষ্টেমৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ ।আন্তঃৰাষ্ট্ৰীয় সীমান্তত লেজাৰ ছিষ্টেমৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সমগ্ৰ ব্যৱস্থা নিয়ন্ত্ৰণৰ বাবে ৬টা নিৰীক্ষণ কক্ষৰ ব্যৱস্থা গ্ৰহণ। BSFৰ মুখ্য কাৰ্যালয়ত হ’ব ইয়াৰ ইউনিফাইড কন্ট্র’ল ৰুম বুলি প্ৰকাশ কৰে গৃহ মন্ত্ৰী ৰাজনাথ সিঙে।

২০২৮ত ভাৰতে বহু দেশক চেৰ পেলাব বুলিও ক’লে গৃহমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো প্ৰশংসা কৰিলে ৰাজনাথ সিঙে। তিনিবছৰত মুখ্যমন্ত্ৰী সোণোৱালৰ বিৰুদ্ধে কোনো দুৰ্নীতিৰ অভিযোগ নাই বুলি মন্তব্য কৰে ৰাজনাথ সিঙে।

বল্ড কুইট চিষ্টেমৰ ওপৰতো মন্তব্য ৰাজনাথ সিঙৰ।বল্ড কুইট চিষ্টেম বহুত ভাল, প্ৰথমে জম্মুত ৯ কিলোমিটাৰ নিৰ্মাণ হৈছিল, বৰ্তমান অসমত ৬১ কিলমিটাৰ সমাপ্ত হ’ল। ধুবুৰীত স্মাৰ্ট ফেন্সিং ব্যৱস্থা উদ্বোধন কৰি সংবাদমেলত মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ। অসমৰ ৰাইজৰ দীৰ্ঘদিনৰ দাবী পূৰণ হ’ল বুলিও মন্তব্য গৃহমন্ত্ৰীগৰাকীৰ।

অসমৰ সুৰক্ষাৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন হৈছে বুলি ধুবুৰীত মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ। কথা পাতিবলৈ কাৰোবাৰ ইচ্ছা থাকিলে আগবাঢ়ি আহক আমি প্ৰস্তুত। কিন্তু এফালে হাতত বন্ধুক, আনফালে আলোচনা নহ’ব বুলি প্ৰকাশ কৰে। পুলৱামাত শ্বহীদ হোৱা বীৰ জোৱান মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৰাজনাথ সিঙে। ভাৰতৰ ফালে চকু তুলি চালে ক্ষমা কৰা নহ’ব বুলিও মন্তব্য কৰে সিঙৰ। PoKত বায়ুসেনাৰ আক্ৰমণৰ ঘটনাক লৈ ৰাজনাথ সিঙে কয় – ভাৰতৰ নিশ্চিত তথ্যৰ আধাৰত বায়ুসেনাই অভিযান চলাইছে।

Next Story
চাকৰি