Begin typing your search above and press return to search.

ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল: বিজেপিক সমালোচনা তৰুণ গগৈৰ

ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল: বিজেপিক সমালোচনা তৰুণ গগৈৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 March 2019 11:03 AM GMT

ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল। সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিজেপি চৰকাৰক সমালোচনা কৰে । সংবাদমেলত তৰুণ গগৈৰ মন্তব্য সমগ্ৰ দেশৰ লগতে অসমতো কংগ্ৰেছৰ সপক্ষে নিৰ্বাচনী বতাহ বলিবলৈ আৰম্ভ কৰিছে । তাৰ বাবে বিজেপি শংকিত হৈ বহু সাংসদক প্ৰাৰ্থীত্ব দিয়া নাই । লগতে কয় যে বিজেপিয়ে নিজৰ সাংসদ সকলৰ ব্যৰ্থতাৰ কথা লোকসভা নিৰ্বাচনত টিকট নিদি প্ৰমান কৰিছে ।

সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে," সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব শৰ্মা , চন্দ্ৰমোহন পাটোৱাৰী এইসকল নেতাই বিজেপি গঠন কৰা নাছিল । এই সকল বিজেপিৰ নেতাই প্ৰকৃত বিজেপি নেতা সকলক অবহেলা কৰিলে বুলি প্ৰকাশ কৰে ।

লগতে সংবাদ মেলত একালৰ সতীৰ্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰে তৰুণ গগৈয়ে । তৰুণ গগৈয়ে প্ৰকাশ কৰে যে হিমন্তৰ দিন ভাললৈ অহা নাই । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে গান্ধী নগৰৰ পৰা নিৰ্বাচন খেলিব পাৰিলে হিমন্ত বিশ্ব শৰ্মাই কিয় নোৱাৰে বুলি প্ৰশ্ন কৰে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চতুৰ মানুহৰ সেয়েহে হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোনোৱালক ঠগিব নোৱাৰে বুলি প্ৰকাশ কৰে।

লগতে লোকসভা নিৰ্বাচনৰ প্ৰসংগত উল্লেখ কৰে যে বৰ্তমান সময়ত লাল কৃষ্ণ আদৱানীৰ দৰে জেষ্ঠ বিজেপি কৰ্মীৰ আদৰ নাই । বিজেপিৰ অন্তকন্দল কেৱল অসমতে নহয়, সমগ্ৰ দেশতে বিজেপিৰ ভিতৰত অন্তকন্দল আছে বুলি সংবাদমেলত প্ৰকাশ কৰে তৰুণ গগৈয়ে ।

সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এ আই ইউ ডি এফৰ প্ৰসংগ উল্লেখ কৰি কয় যে বৰ্তমান এ আই ইউ ডি এফৰ অবস্থা বেয়া । সেয়েহে তিনিটা সমষ্টিত প্ৰাৰ্থীত্ব দিছে এ আই ইউ ডি এফে । মিত্ৰতাৰ প্ৰসংগত উল্লেখ কৰে যে কংগ্ৰেছৰ এ আই ইউ ডি এফৰ সৈতে কোনো মিত্ৰতা- বুজাবুজি হোৱা নাই ।

বিজেপি দলত এতিয়া অন্তকন্দল চলি আছে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ মংগলদৈ সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা, তেজপুৰৰ সাংসদ আৰ পি শৰ্মা , যোৰহাট সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু নগাঁও সমষ্টিৰ ৰাজেন গোহাঁইক লোকসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান নকৰাক কেন্দ্ৰ কৰিয়ে অন্তকন্দল সৃষ্টি হৈছে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । লগতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আহি আছে বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story