ৰাজ্যক প্ৰতিনিধিত্ব কৰি এফবিবি ফেমিনা মিছ ইণ্ডিয়ালৈ জ্যোতিস্মিতা বৰুৱা

ৰাজ্যক প্ৰতিনিধিত্ব কৰি এফবিবি ফেমিনা মিছ ইণ্ডিয়ালৈ জ্যোতিস্মিতা বৰুৱা
Published on

কালাৰ্ছ এফবিবি মিছ ইণ্ডিয়া ২০১৯ লৈ নিৰ্বাচিত হৈছে বিশ্বনাথ চাৰিআলিৰ জ্যোতিস্মিতা বৰুৱা ৷ প্ৰতিভাৱান যুৱতীসকলক বিশ্বৰ সন্মুখত চিনাকী কৰাই দিয়াৰ উদ্দেশ্য এফবিবি মিছ ২০১৯ য়ে দেওবাৰে আয়োজন কৰিছিল প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত নিৰ্বাচিত হৈ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিব জ্যোতিস্মিতা বৰুৱাই ৷

ইফালে ১৯ বৰ্ষীয় জ্যোতিস্মিতা বৰুৱা হৈছে বিশ্বনাথ চাৰিআলিৰ বাসিন্দা। গুৱাহাটী বি বৰুৱা কলেজৰ পৰা স্নাতক জ্যোতিস্মিতাৰ এই যাত্ৰাত আনন্দ লাভ কৰিছে সকলোৱে ৷ অন্যহাতে জ্যোতিস্মিতা বৰুৱাই চলিত বৰ্ষৰ ১৫ জুনত মুম্বাইত আয়োজিত গ্ৰেণ্ড ফাইনেলত অংশ ল’ব ৷ সম্প্ৰতি সকলো অসমবাসীয়ে জ্যোতিস্মিতালৈ শুভেচ্ছা জনাইছে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com