ৰাজ্যত অব্যাহত পঞ্চায়ত নিৰ্বাচনৰ ঢৌ: জিলা পৰিষদ বিজেপিৰ দখলত

১২ ডিচেম্বৰৰ পৰা অবিৰত ভাৱে ৰাজ্যত চলি থকা ভোট গণনাত তৃতীয় দিনা অৰ্থাৎ শুক্ৰবাৰেও বিজেপি জয়যাত্ৰা অব্যাহত আছে ৷ কিছুসংখ্যক ভোটগ্ৰহণ কেন্দ্ৰত শনিবাৰলৈকে ভোটগণনা অব্যাহত থাকে ৷ পঞ্চায়ত নিৰ্বাচনত মিত্ৰ দল বিজেপি আৰু অগপই পৰস্পৰৰ শত্ৰুত পৰিণত হৈছিল যদিও,সম্প্ৰতি জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত দুয়োটা দলৰ মাজত পুনৰ মিত্ৰতা হৈ পৰাটো নিশ্চিত হৈ পৰিছে। শনিবাৰে ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই সাংবাদিকৰ আগত কয় যে,ৰাজ্যৰ কিছু ঠাইত বিয়লি ৫ বজা পৰ্যন্ত ভোটগ্ৰহণ চলি আছে ৷
আমি এতিয়ালৈকে পঞ্চায়ত নিৰ্বাচনৰ ৪২০ খন জিলা পৰিষদৰ আসনৰ ভিতৰত ৩৪৭ খন আসনৰ ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছো ৷ তাৰে ভিতৰত, এজিপিৰ ১৫ খন,বিজেপিৰ ১৮১ খন,কংগ্ৰেছৰ ১২২ খন আসন,এআইইউডিএফে ১৫ খন আসনৰ বিপৰীতে অন্যান্যই ১৪ খন আসন দখল কৰিবলৈ সক্ষম হৈছে। নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই লগতে কয় যে, আমি এতিয়ালৈকে ২৮ খন জিলা আৰু ৰাজহ চক্ৰত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছো৷ কিছুসংখ্যক জিলাত সম্প্ৰতি ভোটগনণা সম্পন্ন হৈছে যদিও কিন্তু তাৰ ফলাফল এতিয়াও পোৱা নাই ৷ অন্যহাতে, কাছাৰ আৰু ধুবুৰী জিলাত এতিয়াও ভোটগ্ৰহণ চলি আছে ৷ লগতে হাইলাকান্দি আৰু গহপুৰ জিলাদুখনত পুনৰ ভোটগ্ৰহণত অনুষ্ঠিত হয়।
ইফালে, নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই ৰাজনৈতিক নেতা,দল, নিৰ্বাচনৰ লগতে জড়িত থকা বিষয় ববীয়াসকল,ৰাইজ সকলোকে শান্তিপূৰ্ণ নিৰ্বাচনৰ অনুষ্ঠিত কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি,বঙাইগাঁও, শিৱসাগৰ,নগাঁও জিলাত জিলা পৰিষদ গঠনৰ সময়ত দুয়োটা দলৰ মাজত মিত্ৰতাৰ প্ৰয়োজন হ’ব ৷ ইফালে, তিনিচুকীয়া,ডিব্ৰুগড়,গোলাঘাট,চৰাইদেও, কামৰূপ মেট্ৰ’,কামৰূপ,নলবাৰী,লখিমপুৰ,শোনিতপুৰ, বিশ্বনাথ,ধেমাজী, মাজুলী,কাছাৰ এই জিলাসমূহৰ জিলা পৰিষদ বিজপিৰ অধীনত ৷
যোৰহাট,মৰিগাঁও, বৰপেটা,ধুবুৰী আৰু কৰিমগঞ্জৰ জিলা পৰিষদ কংগ্ৰেছৰ অধীনত ৷ লগতে হাইলাকান্দিৰ জিলা পৰিষদ এআই ইউডিএফৰ অধীনত ৷ শেহতীয়া এক তথ্য অনুসৰি,প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নগাওঁ জিলাৰ বঢ়মপুৰ সমষ্টিৰ দুখন জিলা পৰিষদ জিলা পৰিষদ এজিপি দখলত৷ উল্লেখ্য যে,পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত ৰাইজৰ সহায় সহযোগিতাৰ কাৰণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে পঞ্চায়ত নিৰ্বাচনত জয়যুক্ত লাভ কৰা প্ৰতিজন প্ৰাৰ্থীলৈও ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি