ৰাজ্যত আছে ২০ লাখতকৈও অধিক নিবনুৱা

ৰাজ্যত আছে ২০ লাখতকৈও অধিক নিবনুৱা
Published on

লাখ লাখ নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে বিজেপিয়ে ক্ষমতালৈ অহাৰ পিছতো কোনো ধৰণৰ উন্নতি ঘটা নাই দেশ আৰু ৰাজ্যৰ নিবনুৱা সমস্যাৰ। অসমত বিগত সময়ছোৱাত ভয়াবহ ৰূপ ধাৰণ কৰিছে নিবনুৱা সমস্যাই।দিনক দিনে বৃদ্ধি পাইছে ৰাজ্যৰ নিবনুৱাৰ সংখ্যা।

শ্ৰম আৰু পঞ্জীয়ন বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ৰাজ্যত ১৯৬৩৩৭৬ পঞ্জীয়নভুক্ত নিবনুৱা আছে, ইয়াৰে ১৬৬৫৮৬৬ জন শিক্ষিত আৰু দক্ষতা থকা নিবনুৱা আৰু ২৯৭৫১০ জন অশিক্ষিত নিবনুৱা।বিভাগটোৱে জনোৱা মতে নিবনুৱাসকলৰ ভিতৰত ৯৪২ জন চিকিৎসা বিজ্ঞানৰ নিবনুৱা ছাত্ৰ,৭৮০৪ জন কৰ্মহীন অভিযন্তা,৩২৭ জন ভেটেৰনাৰী স্নাতক, ৮৩২ জন কৰ্মহীন কৃষি বিজ্ঞানৰ স্নতক,১৬৫৭৬ জন কৰ্মহীন স্নাতকোত্তৰ,৩১৭৮২৪ জন কৰ্মহীন স্নাতক, ৬৮ ৎৎ২৭৯৬ জন উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ,৫৬৭৩৪০ জন হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৰ্মহীন নিবনুৱা। তাৰোপৰি ৯১৬৭ জন ডিপ্লমা থকা নিবনুৱা আৰু ১৬১২১ জন আই টি আই উত্তীৰ্ণ নিবনুৱা ৰাজ্যত আছে।

বিভাগৰ মতে গুৱাহাটীত সৰ্বাধিক সংখ্যক নিবনুৱা আছে এই সংখ্যা প্ৰায় তিনি লাখৰো অধিক। ১৯৬৩৩৭৬ জন পঞ্জীয়নভূক্ত নিবনুৱাৰ ভিতৰত ৬০৬৭৬৪ জন মহিলা নিবনুৱা। ৰাজ্যৰ বিভিন্ন বিভাগত হাজাৰ হাজাৰ পদ খালী হৈ থকা সময়ত ৰাজ্যৰ নিবনুৱা সমস্যই গুৰুতৰ ৰূপ ধাৰণ কৰিছে, ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত বিশেষ ভাবে গুৰুত্ব দিয়া দৰকাৰ। ৰাজ্যত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মূল কাৰণ হিচাপে নিবনুৱা সমস্যাক বহু চিন্তাবিদে অভিহিত কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com