ৰাজ্যত উন্নত হব জলপৰিবহন ব্যাৱস্থা

ৰাজ্যত উন্নত হব জলপৰিবহন ব্যাৱস্থা
Published on

সীঘ্ৰেই ৰাজ্যত উন্নত হব আভ্যন্তৰীণ জলপৰিবহন ব্যাৱস্থা। অসম চৰকাৰে নতুন বছৰৰ আৰম্ভণিতে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত ৰো

ৰো জাহাজকে সামৰি চাৰিখন নতুন জাহাজৰ চলাচল আৰাম্ভ কৰিব। বিশ্ব বেংকৰ অনুদানেৰে ক্ৰয় কৰিব লগা আন ত্ৰিশখন জাহাজৰ প্ৰকল্পটোও ২০১৯ চনৰ ভিতৰত সম্পুৰ্ণহৈ উঠিব। চেপ্তেম্বৰত মাহত ব্ৰহ্মপুত্ৰৰ বুকুত হোৱা শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পিছৰে পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত মটৰ চালিত ফেৰী সেৱা বন্ধ হৈ আছে যাৰ বাবে দুই পাৰৰ জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট জীয়াতু ভোগ কৰিব লগা হৈ আহিছে। নতুনকৈ চলাচল কৰিবখোজা ৰো ৰো জাহাজখনত দুশৰো অধিক লোকে আহ-যাহ কৰিব পাৰিব।

অসম আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ হাতত বৰ্তমানে দুখন ৰো ৰো জাহাজ আছে, এই জাহাজ দুখন ধুবুৰী-দক্ষিণ শালমাৰা আৰু মাজুলীৰ নিমাতিঘাট-কমলাবাৰীৰ মাজত চলাচল কৰি আছে। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় জাহাজ মন্ত্ৰালয়ৰ পৰা চলিত বছৰৰ ডিচেম্বৰ মাহৰ ভিতৰত আৰু এখন ৰো ৰো জাহাজ পাব বুলি আশা কৰিছে।চেণ্টিনেলৰে হোৱা এক সাক্ষাৎকাৰত পৰিবহন বিভাগৰ আয়ুক্ত আশোতোষ অগ্নিহোত্ৰীয়ে বৰ্তমান বিভাগৰ হাতত দুখন ৰো ৰো জাহাজ আছে আৰু চলিত বছৰৰ ভিতৰতে কেন্দ্ৰই অন্য চাৰিখন ৰো ৰো জাহাজ অসমক দিব বুলি উল্লেখ কৰে। অগ্নিহোত্ৰীয়ে আকৌ কয় বিশ্ব বেংকৰ অনুদানেৰে ত্ৰিশখন নতুন জাহাজ ক্ৰয়ৰ পৰিকল্পনা কৰি থকা হৈছে। উল্লেখনীয় যে বিশ্ববেংকে ১০০০ কৌটি টকাৰ প্ৰকল্পৰ অনুদান বিভাগলৈ আগবঢ়াইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com