Begin typing your search above and press return to search.
ৰাজ্যত পুনৰ নৃশংস হত্যাকাণ্ড

যোৱা বৃহস্পতিবাৰে নিশা ডিমৌত ভূলা প্ৰাজ্জা নামৰ এজন ব্যক্তিক আৰু তেওঁৰ পত্নী ৰামনী প্ৰজ্জাক জাগ্গু প্ৰাজ্জা নামৰ লোক জনে হত্যা কৰে বুলি জানিব পৰা গৈছে ।
কোনো সূত্ৰৰ পৰা জানিব পৰা মতে; ভূলা প্ৰজ্জা আৰু পত্নী ৰামনী প্ৰজ্জাই দিখাৰী চাহ বাগিছাৰ(৭নং লাইন)ত আয়োজিত মহানৱমী পূজা চায় উভতি অহা পথত জাগ্গু প্ৰাজ্জাই হত্যা কৰে । ঘটনাটিৰ পিছত স্থানীয় লোকে জাগ্গুক বিচাৰি যায় কিন্তু জাগ্গু পলাবলৈ সক্ষম হয় । স্থানীয় লোক ক্ষোভিত হৈ পৰে যাৰ ফলস্বৰূপে হত্যাকাৰী জনৰ ঘৰ-দুৱাৰ,চাইকেল ভাঙি ক্ষতি সাধন কৰে । এই ঘটনা ক্ৰমে মৰান আৰক্ষীয়ে ঘটনাটিৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰন কৰে ।
যোৱা শুক্ৰবাৰে পুৱা ভাগত স্থানীয় লোকে জাগ্গুৰ মাতৃক খেল পথাৰলৈ উলিয়াই আনি অত্যাচাৰ তথা মাৰধৰ কৰে যাৰ ফলত তেওঁৰ অৱস্থা অতি সংকটজনক হৈ পৰে ইয়াৰোপৰি জাগ্গুৰ ককায়েকো মৰিয়াই মৰিয়াই হত্যা কৰে ।
Next Story