Begin typing your search above and press return to search.

ৰাজ্যপালে উদ্ধোধন কৰিলে অসামৰিক সেৱাৰ প্ৰশিক্ষণ কেন্দ্ৰ

ৰাজ্যপালে উদ্ধোধন কৰিলে অসামৰিক সেৱাৰ প্ৰশিক্ষণ কেন্দ্ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:03 AM GMT

যোৱা বুধবাৰে গুৱাহাটীৰ ডাউন-টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখীয়ে অসম সংকল্পৰ বাবে অসামৰিক সেৱাৰ প্ৰশিক্ষণ কেন্দ্ৰ এটা উদ্ধোধন কৰে।অসম সংকল্পৰ বাবে লোৱা এই পদক্ষেপে অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অতি সহায়ক হ'ব।

উদ্ধোধনৰ সময়ত ৰাজ্যৰ ৰাজ্যপাল গৰাকীয়ে মত প্ৰকাশ কৰি কয় যে,অসমৰ শিক্ষাৰ্থী তথা অসামৰিক সেৱাত অৱৰ্ত্তীণ হ'ব খোজা সকলৰ বাবে ই এটা এনেকুৱা প্লেটফৰ্ম হ'ব যিয়ে উত্তৰ-পূৱ গুৱাহাটীৰ সমগ্ৰ শিক্ষাৰ্থীৰ সপোন পূৰন কৰিব।ইয়াৰ উপৰিও তেওঁ কয় যে,অসামৰিক সেৱাৰ পৰীক্ষাত অৱৰ্ত্তীণ হ'ব খোজা শিক্ষাৰ্থীয়ে এই বিষয়ত প্ৰশিক্ষণ ল'বলৈ দিল্লী নাইবা অন্য ঠাইলৈ যোৱাৰ আৰু প্ৰয়োজন ন'হব।

Next Story
চাকৰি