ৰাজ্যসভাৰ মজিয়াত তৃণমূল কংগ্ৰেছৰ সাংসদ সকলে অসমৰ এনআৰচি সম্পৰ্কত প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্যসভাত এক অপ্ৰিতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়।ৰাজ্যসভাৰ অধক্ষ্য এম ভেংকয়া নাইডুয়ে ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰাখিবলৈ বাধ্য হয়।তৃণমূল কংগ্ৰেছৰ সাংসদ সকলৰ প্ৰতিবাদৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কোনোধৰনৰ মন্তব্য নিদিয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টী দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে নিজৰ ভাষণ সমাপ্ত কৰিব নোৱাৰিলে।তৃণমূল কংগ্ৰেছৰ নেতা সুখেন্দু শেখৰ ৰয়ে কয় যে ৰাজ্যসভাৰ নিয়ম অনুসৰি এজন সাংসদে একেটা বিষয়কলৈ দুবাৰ ভাষণ দিব নোৱাৰে যদি তেওঁ প্ৰথম বাৰত ভাষণ সম্পূৰ্ণ কৰিব নোৱাৰে।ৰাজ্যসভাৰ অধক্ষ্য তথা উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুয়ে সাংসদ জনৰ মন্তব্যক বাতিল কৰে।
Begin typing your search above and press return to search.