Begin typing your search above and press return to search.

ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নহয়ঃ যশৱন্ত সিন্হা

ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নহয়ঃ যশৱন্ত সিন্হা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Feb 2019 9:54 AM GMT

শনিবাৰে চাংসাৰিত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিক্ৰিয়াৰ পিছত দেওবাৰে বিজেপিৰ প্ৰাক্তন শীৰ্ষ নেতা যশৱন্ত সিন্হা (Yashwant Sinha) বিধেয়কখনৰ সন্দৰ্ভত ভৱিষ্যতবানী কৰে যে ৰাজ্যসভাত বিতৰ্কিত বিধেয়কখন গৃহীত নহয়। ইয়াৰ লগতে অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বৰ এনডীএ চৰকাৰৰ প্ৰাক্তন বিত্ত মন্ত্ৰী যশৱন্ত সিন্হা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোডী দ্বিতীয় বাৰ ক্ষমতালৈ নাহে বুলিও মন্তব্য কৰে ৷

প্ৰাক্তন বিত্ত মন্ত্ৰী যশৱন্ত সিন্হা দেওবাৰে অসম নাগৰিক সমাজে আয়োজন কৰা "ষ্টেট অফ দ্য নেশ্যন এণ্ড দ্য ৱে ফৰৱাৰ্ড"বিষয়ত নিজৰ মতামত ব্যাখ্যা কৰি কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়কে ঐতিহাসিক অসম চুক্তিক,ভাৰতীয় সংবিধান,ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ ভৱনাক উলংঘন কৰিছে ৷ লগতে যশোৱন্ত সিঙে কয় যে বিধেয়ক খনৰ ওচৰত আইন হ’বলৈ যোগ্য প্ৰমাণ নাই ৷ইয়ালৈ অহাৰ আগতে মই বিভিন্ন লোকসকলৰ লগত মতবিনিময় কৰিছোঁ ৷

বিজেপিৰ বাহিৰে অন্য ৰাজনৈতিক দলসমূহে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয় ৷ লগতে যশোৱন্ত সিন্হা কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে সমগ্ৰ উত্তৰ পূবৰ স্বদেশী লোকসকললৈ দুৰ্য্যোগ আহিব ৷যদি কোনোৱে কাৰোবাৰ অস্তিত্বক সমাপ্ত কৰিব বিচাৰিছে ৷তেন্তে জনসাধাৰণে আপত্তি আৰু বিৰোধ কৰিব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি