Begin typing your search above and press return to search.
ৰাজ্যিক চিৰিয়াখানাৰ জীৱ-জন্তুৰ বাবে গা-ধুৱা পুখুৰী নিৰ্মাণ

ৰাজ্যখনত বাঢ়ি অহা তাপমাত্ৰাৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানাৰ কৰ্তৃপক্ষই গৰমৰ পৰা বাচি থাকিবলৈ জীৱ-জন্তু সকলৰ কাৰণে এক সু-পদক্ষেপ গ্ৰহণ কৰিছে।চিৰিয়াখানাৰ সংমণ্ডলৰ বনবিষয়া তেজাষ মাৰিস্বামীৰ পৰা জানিব পৰা মতে,এই গৰমত বাঘ আৰু অন্যান্য জীৱ-জন্তু সকলৰ ওপৰত বেছিকৈ প্ৰভাৱ পৰিছে।যাৰ বাবে গৰমৰ পৰা পৰিত্ৰান পাবলৈ জীৱ-জন্তু সকলৰ প্ৰতি উদ্দেশ্য কৰি বাহেঁৰে নিৰ্মিত এক গা-ধুৱা পুখুৰী নিৰ্মান কৰি দিছে।ইয়াৰ উপৰিও পানীৰ সৈতে মিহলি কৰি অ'আৰএছৰো যোগান ধৰা হৈছে।
Next Story