ৰাজ্যিক বিজেপি সংখ্যালঘূ মৰ্চাৰ সংবাদমেল

ৰাজ্যিক বিজেপি সংখ্যালঘূ মৰ্চাৰ সংবাদমেল
Published on

বুধবাৰে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাই এক সংবাদমেলৰ আয়োজন কৰে । মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি আব্দুল ৰছিদ আনছাৰীয়ে এক সংবাদমেল সম্বোধন কৰি কয় দেশৰ লগতে অসমৰ সংখ্যালঘূ লোক সকলৰ শিক্ষা, আৰ্থিক, সামাজিক দিশত উন্নয়নত নৰেন্দ্ৰ মোদী চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে লগতে অসমৰ সংখ্যালঘূ ৰাইজৰো পূৰ্বৰ তুলনাত যথেষ্ঠ উন্নয়ন সাধন হৈছে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰশ্নত চতুৰালীৰে উত্তৰ দিয়ে আনছাৰীয়ে। তেওঁ জনাই যে এতিয়ালৈ যিহেতু এই আইন প্ৰণয়ণ হোৱা নাই সেয়ে সকলো দিশ চাইহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত প্ৰশ্নসমূহ আনি আলোচনা কৰা দৰকাৰ । সংবাদমেলত বিজেপি ৰাষ্ট্ৰীয় সংখ্যালঘূ মৰ্চাৰ সাধাৰণ সম্পাদক জোনাৱ এছ এম আক্ৰাম, ৰাজ্যিক সংখ্যালঘূ মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খানৰ লগতে ৰাজ্যিক বিষয়ববীয়া সকল উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com