Begin typing your search above and press return to search.

ৰাজ্যৰ অগ্নি নিৰ্বাপক আৰু আপাতকালীন বিভাগত প্ৰয়োজনীয় আন্তঃগাঠনিৰ অভাৱ

ৰাজ্যৰ অগ্নি নিৰ্বাপক আৰু আপাতকালীন বিভাগত প্ৰয়োজনীয় আন্তঃগাঠনিৰ অভাৱ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Dec 2018 7:31 AM GMT

অসমৰ অগ্নি আৰু আপাতকালীন বিভাগ ৰাজ্যখনত হোৱা যিকোনো ধৰণৰ আকস্মিক দুৰ্যোগৰ সময়ত ৰাইজ ওচৰত উপস্থিত হৈ জীৱন আৰু সম্পত্তি ৰক্ষাৰ বাবে সহায়ৰ হাত আগবঢ়োৱা এটা গুৰুত্বপূৰ্ণ বিভাগ।অগ্নি নিৰ্বাপক আৰু আপাতকালীন বিভাগে ৰাজ্যৰ জনসাধাৰণক অগ্নি, বানপানী, ধুমুহা, ভূমিকম্প আদিৰ সময়ত সহায়ৰ হাত আগবঢ়াই আহিছে। ৰাজ্যখনৰ এনে এটা গুৰুত্বপূৰ্ণ বিভাগত আশ্বৰ্যজনক ভাবে প্ৰয়োজনীয় পৰিকল্পনা আৰু আন্তঃগাঠনিৰ অভাৱ হৈছে। ২০১২-১৩ আৰু ২০১৬-১৭ চনত ৰাজ্যখনৰ অগ্নি নিৰ্বাপক আৰু আপাতকালীন বিভাগৰ কাৰ্য্যকৰী প্ৰদৰ্শনৰ ওপৰত চলোৱা এক নিৰীক্ষণত বিভাগটোৰ হঠাৎ হোৱা দুৰ্যোগৰ সময়ত দুৰ্যোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লৱ পৰা তাৎক্ষণিক ব্যৱস্থাৰ অভাৱ পৰিলক্ষিত হৈছে। ভবিষ্যতে হব পৰা দুৰ্যোগ প্ৰসমনৰ বাবে বিভাগটোত প্ৰয়োজনীয় পৰিকল্পনা, আন্তঃগাঠনি আৰু সচেতনতাৰ অভাৱ পৰিলক্ষিত হৈছে ৰাজ্যৰ অগ্নি নিৰ্বাপক আৰু আপাতকালীন বিভাগটোত।

২০১২ আৰু ২০১৭ চনৰ ভিতৰত ৰাজ্যখনত ৯৩ শতাংশ আপাতকালীন নিয়ন্ত্ৰণ কেন্দ্ৰৰ অভাৱ পৰিলক্ষিত হৈছে ইয়াৰ উপৰিও প্ৰয়োজনীয় ব্যৱস্থাত থাকিব লগীয়াতকৈ ৪৮ শতাংশ পানী ছটিয়াবৰ বাবে ব্যৱহাৰ কৰা পাম্পৰ অভাৱ হৈ আছে। অসমৰ অগ্নি নিৰ্বাপক আৰু আপাতকালীন বিভাগটোত ৮৪ শতাংশ উদ্ধাৰকাৰী বাহন আৰু ৭৭ শতাংশ পানী টেংকিৰ অভাৱ নিৰীক্ষণৰ সময়ত ওলাই পৰিছে। প্ৰয়োজনীয় সময়ত দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চলত উপস্থিত হব নোৱাৰা বাবে ভাৰত চৰকাৰৰ কেগৰ অধীনত অগ্নি নিৰ্বাপক আৰু আপাতকালীন বিভাগৰ প্ৰদৰ্শনৰ ওপৰত নিৰীক্ষণ চলোৱা হৈছিল। কেগৰ প্ৰতিবেদনত এই কথা স্পষ্ট হৈ পৰে যে ৰাজ্যৰ সঘনে দুৰ্ঘটনা হোৱা অঞ্চলসমূহৰ বিষয়েও পৰ্য্যয়ক্ৰম অনুসৰি কোনোধৰণৰ তথ্য নাই ৰাজ্যৰ অগ্নি নিৰ্বাপক আৰু আপাতকালীন বিভাগৰ হাতত। এনেধৰণৰ সঠিক পৰিকল্পনাৰ অভাৱৰ ফলতেই বিভাগটোৱে বিগত সময়ছোৱাত বিভিন্ন আকস্মিক দুৰ্ঘটনা নিয়ন্ত্ৰণত ব্যৰ্থ হৈছিল। অগ্নি নিৰ্বাপক আৰু আপাতকালীন বিভাগটোৱে ৰাজ্যখনৰ ভূমিকম্পৰ ফলত ক্ষতিহোৱা অট্টালিকা সমূহো চিনাক্ত কৰাত ব্যৰ্থ হৈ আহিছে।

কেগৰ নিৰীক্ষণত প্ৰকাশ পোৱা অনুসৰি অসমৰ বিভাগটোৱে ২০০১ চনতে নিজৰ প্ৰয়োজনীয়তা অনুসৰি শেষৰ বাৰৰ বাবে পানীৰ পাম্প ক্ৰয় কৰিছিল। ২০১১ চনত লোকপিয়লত অসমৰ জনসংখ্যা বহুখিনি বৃদ্ধি পালে কিন্তু বিভাগটোৱে এই বৃদ্ধি হোৱা জনসংখ্যাৰ বিপৰীতে এতিয়ালৈ আগৰ প্ৰয়োজনীতা অনুসৰি কাম কৰি আছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা ৩.১২ কৌটি আৰু ইয়াৰ বাবে বিভাগটোক প্ৰয়োজনীয় পানীৰ পাম্পৰ সংখ্যা হ'ল ৭৪৮ টা কিন্তু ৰাজ্যৰ বিভাগটোৰ হাতত ২০১৭ চনৰ মাৰ্চ মাহলৈ মাত্ৰ ৩৫৬ টা পানী পাম্পহে আছে।অসমৰ জনসাধাৰণক ৰাজ্যখনৰ অগ্নি নিৰ্বাপক আৰু আপাতকালীন বিভাগটোৱে বিপদৰ সময়ত যথেষ্ট সহায় আগবঢ়াই আহিছে।অনাগত দিনত ৰাজ্য চৰকাৰৰ সহযোগত এই গুৰুত্বপূৰ্ণ বিভাগটোৱে আৰু অধিক সক্ৰিয় আৰু আধুনিক সা-সজুলীৰে সজ্জিত হৈ ৰাইজক আকস্মিক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰাৰ বাবে তৎপৰ হৈ পৰিব বুলি ৰাইজে আশা কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি