Begin typing your search above and press return to search.

ৰাজ্যৰ কত উদ্ধাৰ হ'ল দুদিনত দুটা হাতীৰ মৃতদেহ

ৰাজ্যৰ কত উদ্ধাৰ হল দুদিনত দুটা হাতীৰ মৃতদেহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Nov 2018 1:15 PM GMT

কাৰ্বিআংলং জিলাৰ বোকাজান থানাৰ অন্তৰ্গত সৰুমানথিত এটা বনৰীয়া হাতী মৃতদেহ উদ্ধাৰ হোৱা পাছত আজি খেৰণিত আৰু এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে । খেৰণিৰ আমৰেঙ সংৰক্ষিত বনাঞ্চলৰ জালজুৰি নামৰ স্থানত উৱলি যোৱা অৱস্থাত বনৰীয়া হাতী মৃতদেহ উদ্ধাৰটোৰ হৈছে ।

বনবিভাগৰ লোকে জানিব দিয়া মতে যোৱা তিনি দিন পূৰ্বে আমৰেঙ সংৰক্ষিত বনাঞ্চল ত খৰি আনিব যোৱা এজন খৰিকতিয়াই দুৰ্গন্ধ ময় অৱস্থাত পৰি থকা হাটীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি খেৰণি বন বিভাগত খবৰ দিয়ে। আৰু উক্ত খৰিকতিয়াৰ খবৰৰ ভিত্তিত সমগ্ৰ বনাঞ্চলত অনুসন্ধান কৰি আজি পোৱা উৱলি যোৱা অৱস্থাত মৃত হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে ইতিমধ্যে বন বিভাগৰ লোকে মৃত হাতী পোৱালীটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে পশু চিকিৎসকৰ লগত যোগ যোগ কৰাৰ লগতে মৃত হাতীটোক গাত খান্দি পোতাৰ ব্যৱস্থা হাতত লৈছে খেৰণি বন বিভাগে । এইদৰে গভীৰ বনাঞ্চল ৰ মাজত হাতীৰ মৃত্যু হোৱা ঘটনাই অশ্বৰ্যৰ লগতে চিন্তিত কৰিছে বন বিভাগক ।

Next Story