ৰাজ্যিক নিৰ্বাচনী বিভাগে বিসংগতি বিহিন সম্পূৰ্ণ এনআৰচি আৰু আগন্তক ২০১৯ লোকসভা নিৰ্বাচনৰ সুবিধাৰ বাবে জিলা নিৰ্বাচনী বিষয়া সকলক ডি ভোটাৰৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।প্ৰকৃত ভাৰতীয় নাগৰিক সকলৰ পৰা ডি ভোটাৰৰ টেগটো আতৰাই নতুন তালিকা প্ৰস্তুত কৰিবৰ বাবে নিৰ্দেশ দিছে।২০১৯ চনৰ ৪ জানুৱাৰীত প্ৰকাশ পাব লগীয়া চূড়ান্ত নিৰ্বাচনী সুচীৰ আগত ৰাজ্যৰ নিৰ্বাচনী কমিতিয়ে তালিকা খন প্ৰস্তুত কৰি ভাৰতীয় নিৰ্বাচনী কমিটিক জমা দিব লাগিব।ৰাজ্যত নিৰ্বাচনী কমিটিৰ হাতত থকা তথ্য অনুসৰি ডি ভোটাৰৰ সংখ্যা ২,৪৪,১৪৪ জন হোৱাৰ বিপৰীতে ২০১৮ ফেব্ৰুৱাৰীত নিৰ্বাচনী কমিটিয়ে প্ৰকাশ কৰা তালিকাৰ মতে ১,২৫,৩২৮ জন।২০১১ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী ট্ৰিবিউনেলক ৰাজ্যৰ সকলো ডি ভোটাৰক চিনাক্ত কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল।
ৰাজ্যৰ জিলা সমূহক ডি ভোটাৰৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ নিৰ্বাচনী কমিটি

Next Story